বিদেশী সুৰাসহ নিষিদ্ধ মাদক দ্ৰব্য ৰখাৰ অভিযোগত গ্ৰেপ্তাৰ হৈছে বাংলাদেশৰ অভিনেত্ৰী পৰীমণি (Pori Moni)। তেওঁক সোধা–পোছা কৰি একাধিক গুৰুত্বপূৰ্ণ তথ্য পাইছে দেশখনৰ চিআইডিয়ে। বাংলাদেশৰ একাধিক উচ্চবিত্তৰ শাৰীৰিক চাহিদা দূৰ কৰিবলগীয়া হৈছে পৰীয়ে। লোকলজ্জাৰ ভয়ত নীৰৱ হৈ আছিল তেওঁ। সূত্ৰৰ খবৰ অনুসৰি, এই চাঞ্চল্যকৰ মন্তব্য কৰিছে মডেল–অভিনেত্ৰীগৰাকীয়ে।
ডিবি কৰ্মকৰ্তা ছাকলায়েনৰ সৈতে পৰীমণিৰ সম্পৰ্ক কি? এই বিষয়ে চিআইডিৰ সোধা–পোছাত পৰীমণিয়ে কোনো তথ্য দিছে নেকি? এই প্ৰশ্নৰ উত্তৰত ওমৰ ফাৰুকে কয়, ‘‘আমাৰ ওচৰত যিসমূহ গোচৰ আহিছে তাৰ অধিকসংখ্যকে মাদক দ্ৰৱ্য সংক্ৰান্তীয় গোচৰ। মাদক দ্ৰব্য সম্পৰ্কীয় গোচৰসমূহ আমি তদন্ত কৰিছো। তদন্তৰ বিষয়সমূহ সঠিকভাৱেই আগুৱাইছে। যদি আন কোনো বিষয় থাকে, আমি পিছত তদন্তৰ জৰিয়তে চোৱা হ’ব।’’