নিজকে ভিডিঅ’ ক্ৰিয়েটৰ আৰু পশুপ্ৰেমী বুলি অভিহিত কৰা পাকিস্তানী আজলান শ্বাহে নিজৰ ইনষ্টাগ্ৰামত জনাইছে যে তেওঁ বিয়াত নিজৰ কইনাক গাধৰ পোৱালি উপহাৰ দিছে। আজলানে নিজৰ ইনষ্টাগ্ৰামত কিছু ছবি আৰু ভিডিঅ’ শ্বেয়াৰ কৰিছে, য’ত তেওঁ নিজৰ কইনাক গাধ উপহাৰ দিয়া দেখা গৈছে। এই ভিডিঅ'টো ছ'চিয়েল মিডিয়াত বহু জনপ্ৰিয় হোৱাৰ লগতে এই অনন্য উপহাৰটোক লৈ বহু চৰ্চিত হৈছে।
কইনা ৱাৰিছাক গাধ উপহাৰ দিয়া আজলান শ্বাহ চচিয়েল মিডিয়াত চৰ্চাৰ বিষয়। মানুহে এই পদক্ষেপক প্ৰশংসা কৰিছে। কোনোৱে ইয়াক অতি সুন্দৰ বুলি বৰ্ণনা কৰিছে আৰু কোনোৱে এই দম্পতীক বহুত মৰম দিছে। কিন্তু এই পদক্ষেপৰ সমালোচকৰ অভাৱ নাই। লগতে তেওঁৰ ইনষ্টাগ্ৰাম পোষ্টত বিভিন্ন ধৰণৰ মন্তব্য। (সকলো ফটো ক্ৰেডিট- @azlanshahofficial)