কোৰোণাৰ সংক্ৰমণত দেশজুৰি আতংকময় পৰিস্থিতি। দ্বিতীয় ঢৌৰ সংক্ৰমণ বাঢ়িছে দ্ৰুতগতিত। দৈনিক সংক্ৰমণে তিনি লাখৰ ঘৰ অতিক্ৰম কৰিছে। হাস্পতালত অভাৱ হৈছে বিচনাৰ। অক্সিজেনৰ অভাৱত ৰোগীৰ আৰ্তনাদ। মৃত ৰোগীৰ সত্কাৰৰ বাবে শ্মশানত ঘটিছে ঠাইৰ অভাৱ। দেশজুৰি হাহাকাৰ অৱস্থা। আত্মীয়ক হেৰুৱাই কান্দোনৰ ৰোল শুনা গৈছে চৌদিশে। বহু মানুহে ভেকচিন গ্ৰহণৰ পিছতো আক্ৰান্ত হৈছে কোৰোণাত।
এনে অৱস্থাত কোৰোণা প্ৰতিৰোধৰ ক্ষেত্ৰত গৱেষকসকলৰ এক নতুন আবিষ্কাৰে সাধাৰণ লোকলৈ আশাৰ সঞ্চাৰ কঢ়িয়াইছে। জনা গৈছে যে, নতুন এটা এণ্টি ভাইৰেল ঔষধ MK-4482 বা MOLNUPIRAVIR-এ ২৪ ঘণ্টাৰ ভিতৰতে সংক্ৰমণৰ ৰখাবলৈ সক্ষম। কিন্তু বিজ্ঞানীসকল এতিয়াও এই ঔষধৰ ক্ষেত্ৰত ১০০ শতাংশ সন্দেহমুক্ত নহয়। ঔষধ বিধক লৈ চলি আছে গৱেষণা।
যোৱা ১৬ এপ্ৰিলত নেচাৰ কমিউনিকেশ্যন জাৰ্নেলত এখন গৱেষণাপত্ৰ প্ৰকাশ কৰা হৈছিল। জৰ্জিয়া ষ্টেট ইউনিভাৰ্চিটিৰ এটা দলে MOLNUPIRAVIR ঔষধৰ কাৰ্যক্ষমতাৰ সন্দৰ্ভত জনাইছিল গৱেষণাপত্ৰত। এই ঔষধে ইনফ্লুয়েঞ্জা ভাইৰাছৰ ওপৰত কাম কৰিবলৈ সক্ষম। গৱেষণাত দেখা গৈছে যে, কোৰোণা ভাইৰাছ ৰখাবলৈ এই ঔষধে আশাজনক ফল দিছে। আমেৰিকাৰ নেচনেল ইনষ্টিটিউট অব হেলথ আৰু ব্ৰিটেইনৰ ইউনিভাৰ্চিটি অব পলিমাউথে এই ঔষধৰ আবিষ্কাৰ কৰিছে।