আকৌ প্ৰবল ভূমিকম্প! নিউজিলেণ্ডত ৭.১ ৰিখটাৰ স্কেল প্ৰাবল্য়ৰ ভূমিকম্প! বৃহস্পতিবাৰে পুৱা দেশখনৰ উত্তৰ দিশৰ কেৰমাডেক দ্বীপপুঞ্জত অনুভূত হয় এই ভূমিকম্প। আমেৰিকাৰ ছুনামি পৰ্যবেক্ষণ বিভাগে ছুনামিৰ সতৰ্কবাণী জাৰি কৰিছে। মাটিৰ পৰা ১০ কিলোমিটাৰ (৬.২১ মাইল) তলত আছিল এই ভূগৰ্ভস্থ। ভূমিকম্পৰ কেন্দ্ৰৰ পৰা ৩০০ কিলোমিটাৰ ব্যাসাৰ্ধৰ ভিতৰত থকা কেইবাটাও জনবসতিহীন দ্বীপ ছুনামিৰ ভাবুকিৰ সন্মুখীন হৈছে। কিন্তু নেশ্যনেল ইমাৰ্জেন্সি মেনেজমেণ্ট এজেন্সীৰ তথ্য অনুসৰি নিউজিলেণ্ডত ছুনামিৰ কোনো ভাবুকি নাই। কিন্তু সেই দেশখন ইতিমধ্যে ভূমিকম্পৰ প্ৰৱণতা আছে। কাৰণ নিউজিলেণ্ড দুখন প্ৰধান টেকটনিক প্লেট পেচিফিক প্লেট আৰু অষ্ট্ৰেলিয়ান প্লেটৰ সীমাত অৱস্থিত। নিউজিলেণ্ডৰ ৰাজধানীৰ উত্তৰ-পূবত অৱস্থিত কেৰমাডেক দ্বীপপুঞ্জ। আন্তঃৰাষ্ট্ৰীয় সংবাদ মাধ্যমৰ এক সূত্ৰৰ মতে, আগ্নেয়গিৰিৰ দ্বীপটো প্ৰায়ে ভূমিকম্পৰ ফলত জোকাৰি যায়। ফেব্ৰুৱাৰী মাহৰ আৰম্ভণিতে তুৰস্ক আৰু ছিৰিয়াত হোৱা ভূমিকম্পক লৈ সমগ্ৰ বিশ্বই আতংকিত হৈ পৰিছে। এই ভূমিকম্পত প্ৰায় ৫০ হাজাৰ লোকৰ মৃত্যু হয়। এই ভূমিকম্পৰ পিছত ভাৰতৰ কেইবাখনো ৰাজ্যত অনুভূত হয়। এইবাৰ নিউজিলেণ্ডত ভয়ংকৰ ভূমিকম্প।