মেলিছা অঙে চাকৰি এৰি দিয়াৰ পিছত সামাজিক মাধ্যমত তেওঁ ধেমেলীয়া ভিডিঅ' পোষ্ট কৰা আৰম্ভ কৰে। কাৰণ কৌতুকৰ প্ৰতি আগ্ৰহী আছিল তেওঁ। গুগলৰ চাকৰি এৰি এনে কৰিবলৈ যোৱাটো একপ্ৰকাৰ ৰিস্ক লোৱাৰ দৰে। কিন্তু প্ৰথম অৱস্থাত কিছু সমস্যা হ'লেও মেলিছাৰ এটা ভিডিঅ' ভাইৰেল হয়। এই সফলতাৰ পিছত এই দিশত তেওঁ পুনৰ আগ্ৰহেৰে নামি পৰে।