এম এছ ধোনীয়ে অৱসৰ লোৱাৰ পিছত তেওঁ খেলপথাৰলৈ অহাটো বন্ধ কৰিছিল। ধোনী খেলপথাৰলৈ উভতি অহাৰ পিছত পুনৰ হাজাৰ হাজাৰ মাইল অতিক্ৰম কৰি ডুবাই পাইছিল তেওঁ। তেওঁৰ দৰে ধোনী অনুৰাগী পৃথিৱীত কমেই আছে। এয়া ধোনীৰ এজন বিশেষ অনুৰাগী বছিৰ চাচা। বছিৰৰ পাকিস্তানী মূলৰ খুৰাক আমেৰিকা যুক্তৰাষ্ট্ৰত বাস কৰে। ধোনী এতিয়া ভাৰতীয় দলৰ পৰামৰ্শদাতা। গতিকে ধোনীক পুনৰ দেখাৰ তথা কথা পতাৰ আশা কৰিছে তেওঁ। সেইকাৰণে তেওঁ ডুবাইলৈ গৈছে। বছিৰ চাচা আজি ভাৰত-পাকিস্তান গ্ৰেণ্ড মেচত গেলেৰীত থাকিব। ঠিক আগৰ দৰে। যদিও পাকিস্তানী বছিৰ চাচাক প্ৰায়ে ভাৰতীয় ক্ৰিকেটাৰসকলৰ সৈতে দেখা যায়। কেতিয়াবা ৰোহিত শৰ্মা, কেতিয়াবা ঋষভ পন্ত। তেওঁ ফটো উঠে এওঁলোকৰ লগত। কিন্তু আজি ভাৰত-পাকিস্তানৰ খেলত বছিৰ চাচাই কাক সমৰ্থন কৰে তাকে লৈ বহুতৰে কৌতূহল। ভাৰত-পাকিস্তানৰ খেলখনত আজি তেওঁ কাক সমৰ্থন কৰিব বুলি প্ৰশ্ন কৰাত তেওঁ মিচিকিয়া হাঁহি মাৰে। ক'লে যে তেওঁ ধোনীৰ বাবে ডুবাইলৈ আহিছে। কিন্তু তেওঁৰ সমৰ্থন সদায় পাকিস্তানৰ বাবে থাকিব। কাৰণ তেওঁ মনে–প্ৰাণে এজন পাকিস্তানী। ডুবাইত ভৰি দিয়াৰ পিছৰে পৰা সংবাদ মাধ্যম বছিৰ চাচাৰ চাৰিওফালে আছে। তেওঁৰ জনপ্ৰিয়তা কম নহয়। তেওঁৰ এখন ফটো সামাজিক মাধ্যমত ভাইৰেল হৈ পৰিছে। টি-চাৰ্ট পিন্ধি উঠা ফটোখনত লিখিছিল– ধোনীক স্বাগতম জনাইছোঁ।