

ফুটবলৰ ৰাজপুত্ৰ তেওঁ। সমগ্ৰ বিশ্বৰ কোটি কোটি অনুৰাগীৰ নয়নৰ মনি। তেওঁৰ প্ৰস্থানৰ পিছত এতিয়া সকলোৱে মনত পেলাইছে তেওঁৰ অৱদানৰ কথা। একক দক্ষতাৰে নিজৰ দেশক বিশ্বকাপ আনি দিয়াৰ দৰে বিৰল কৃতিত্বও তেওঁৰ জোলোঙাত। এইজন কিংবদন্তী ফুটবলাৰৰ বিয়োগত শোকস্তব্ধ সমগ্ৰ বিশ্ব। আর্জেন্টিনাৰ প্রাক্তন দহ নম্বৰ তথা বর্তমান Gimnasia de La Plata-ৰ দায়িত্বত আছিল তেওঁ। ফুটবলৰ অসম্ভৱ প্রতিভাধৰ এই তাৰকাৰ ব্যক্তিগত জীৱন যিমান ৰঙীণ সিমানেই উত্থান–পতনেৰে ভৰা। Photo- Collected


মাত্র ১৭ বছৰ বয়সত ক্লদিয়া ভিলাফেনেৰ সৈতে প্রেমত পৰিছিল তৰুণ ডিয়েগ’ মাৰাডোনা। ১৯৮৯ বৰ্ষত দীর্ঘ সময়ৰ প্ৰেমিকাৰ সৈতে বিবাহবন্ধনত আৱদ্ধ হৈছিল ফুটবলৰ ৰাজপুত্র৷ ক্লদিয়াৰ জন্ম ১৯৬২ চনত। তেওঁ পৰৱৰ্তী সময়ত টিভি পাৰ্চনেলিটি তথা পৰিৱেশিকা হৈছিল৷ Photo- Collected


২০০৪ বৰ্ষত ডিভ’ৰ্চ হয় যদিও ইয়াৰ পিছতো দুয়োজনকে একেলগে দেখা গৈছিল। ২০০৬চনৰ বিশ্বকাপতো একেলগে দেখা গৈছিল দুয়োকে। Photo- Collected


চলিত বছৰতে আৰ্জেণ্টিনাৰ মাষ্টাৰচেফত অংশগ্ৰহণ কৰিছিল ক্লডিয়াই। ২০১৮ বৰ্ষত তেওঁ নিজৰ স্ত্ৰীৰ বিৰুদ্ধে চুৰিৰ অভিযোগ কৰিছিল। ফ্লৰিডাত তেওঁৰ পৰা চুৰি কৰা টকাৰে ঘৰ কিনিছে প্ৰাক্তন স্ত্ৰীয়ে, এই কথা জনাইছিল মাৰাডোনাই। Photo- Collected


একাধিক মহিলার সৈতে সম্পর্ক হ’লেও ইয়াৰ পিছত মাৰাডোনাই আৰু বিয়া কৰোৱা নাছিল। তথাপিও ২০১২ বৰ্ষত ৰোকিঅ’ অলিভিয়াৰ প্ৰেমত একেবাৰে হাবু–ডুবু খাইছিল তেওঁ। ২০১৪ চনৰ ফেব্ৰুৱাৰী মাহত তেওঁলোকৰ বাগদান সম্পন্ন হয়। ৰোমৰ এখন হোটেলত এই পৰ্ব সম্পন্ন হয়। অলিভিয়া প্রাক্তন মহিলা ফুটবলাৰ৷ আর্জেন্টিনাৰ একাধিক ক্লাৱৰ হৈ খেলিছিল তেওঁ। তথাপিও ২০১৮ ত বিয়া হোৱাৰ আগতেই ভাঙি পৰে দুয়োৰে সম্পৰ্ক। Photo- Collected


মাৰাডোনাৰ পাঁচটা সন্তান৷ তেওঁৰ এজন পুত্ৰ ডিয়েগ’ চিনাগ্রাই ইটালীত ক্লাৱ ফুটবল খেলে৷ ১৯৮৬ ত স্থানীয় নাপোলিৰ মহিলাৰ সৈতে সম্পৰ্কৰ ফলত এই সন্তানৰ জন্ম হৈছিল। অৱশ্যে স্বীকৃতি দিব বিচৰা নাছিল মাৰাডোনাই। Photo- Collected


বুয়েনছ আয়ার্ছ সংবাদমাধ্যমত এই কাহিনী সম্প্ৰচাৰ হোৱাৰ পিছত তেওঁ জনাইছিল মই তেওঁক খুব ভালপাওঁ আৰু সি মোৰ নিচিনাই। ২০১৯চনত তেওঁ তিনিজন কিউবাৰ সন্তানৰ পিতৃত্বৰ দায়িত্ব গ্ৰহণ কৰে৷ ক্লডিয়ার সৈতে তেওঁৰ দুগৰাকী কন্যা সন্তান আছে, নাম ডালমা আৰু জিয়ানিয়া৷ Photo- Collected