গীনিজ বুক অৱ ৰেকৰ্ডছত ক্ৰিষ্টিয়ানো ৰোনাল্ডো (Cristiano Ronaldo)ৰ নাম অন্তৰ্ভুক্ত। ফুটবলৰ ইতিহাসত আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত সৰ্বাধিক গ'ল কৰাৰ কৃতিত্ব অৰ্জন কৰিছে ৰোনাল্ডোৱে। তেওঁ শুকুৰবাৰে সেই ঐতিহাসিক ছবিখন ফেচবুকত পোষ্ট কৰিছিল আৰু নিজেই এই সংবাদ বিশ্ববাসিক দিছিল। ফুটবল জগতত তেওঁৰ যিমান সুনাম আছে, মহিলা মহলতো তেওঁৰ সিমানেই সুনাম আছে। নিশ্চিতভাৱেই ফুটবলৰ সুন্দৰ কোঁৱৰ আৰু ৰাজকুমাৰ ক্ৰিষ্টিয়ানো ৰোনাল্ডো। ৰোনাল্ডোৰ জীৱনত প্ৰেমিকাৰ (Cristiano Ronaldo Girlfriends)ৰ তালিকাখন বৰ এটা চুটিও নহয়...
এই মুহূৰ্তত ৰোনাল্ডোৰ প্ৰেমিকা হৈছে জৰ্জিনা ৰড্ৰিগেজ। জৰ্জিনা আৰু ৰোনাল্ডোৰ চতুৰ্থ সন্তানৰ জন্ম হৈছে। অৱশ্যে, তেওঁ কেতিয়াও ৰাজহুৱাভাৱে তেওঁৰ প্ৰথম সন্তানৰ মাতৃৰ নাম প্ৰকাশ কৰা নাছিল। দ্বিতীয় আৰু তৃতীয় সন্তানৰ জন্ম এগৰাকী চাৰোগেট মাতৃয়ে কৰিছিল। নৱেম্বৰ ২০১৬ৰ পৰা ৰোনাল্ডো আৰু ৰড্ৰিগেজ একেলগে আছে।
তাৰ পিছত, বহুতো নাৰী ৰোনাল্ডোৰ জীৱনলৈ আহিছে। গেব্ৰিয়েলা এণ্ড্ৰিংগাৰ, ৰাফেলা ফিকো, পেৰিছ হিল্টন, কিম কাৰ্দাছিয়ানৰ দৰে নাৰী ৰোনাল্ডোৰ জীৱনলৈ আহিছিল। কিন্তু ২০১০ চনত ইৰিনা শ্বায়েকৰ সৈতে হোৱা সম্পৰ্ক দীৰ্ঘদিন ধৰি অটুট আছিল। প্ৰায় ৫ বছৰ ধৰি এই ৰাছিয়ান মডেলগৰাকীৰ সৈতে তেওঁৰ প্ৰেমৰ সম্পৰ্ক আছিল। তেওঁলোক ২০১৫ চনৰ জানুৱাৰীত পৃথক হৈছিল।