আত্মসমৰ্পণ নহয়, বৰং তালিবানৰ বিৰুদ্ধে যুদ্ধ ঘোষণা কৰিছে বিৰোধী নেতা আহমেদ মাছুদে। আচলতে আফগানিস্তানৰ দুৰ্গম পঞ্জশীৰ বিদেশী শত্ৰুৰ বাবে এক অভেদ্য দুৰ্গ। সেই পঞ্জশীৰৰে ‘সিংহ পুত্ৰ’ বুলি পৰিচিত মাছুদ। ‘পঞ্জশীৰৰ সিংহ’ হিচাপে পৰিচিত প্ৰয়াত আহমেদ শ্বাহ মাছুদৰ পুত্ৰ আহমেদ মাছুদে এতিয়া তালিবানৰ বিৰুদ্ধে প্ৰতিৰোধ গঢ়ি তুলিছে।
‘পঞ্জশীৰৰ সিংহ’ আহমেদ শ্বাহ মাছুদৰ একমাত্ৰ পুত্ৰ এই আহমেদ মাছুদে আন্তঃৰাষ্ট্ৰীয় দৃষ্টিভংগীৰ সৈতে তাল মিলাই এনে এখন চৰকাৰৰ উল্লেখ কৰিছে. সেই চৰকাৰৰ নেতৃত্বত ন্যায় বিচাৰ, সমতা, ঐক্য, ইছলামৰ লগতে সকলোৰে গ্ৰহণযোগ্যতাৰ নীতি থাকে। আনকি তালিবানে তেওঁলোকৰ চৰমপন্থা এৰিলে চৰকাৰত চামিল কৰিবলৈও সমস্যা নাই মাছুদৰ।