জন্মতে নাছিল দুয়োটা ভৰি। পংগু কন্যাক মানি লব পৰা নাছিল পিতৃ-মাতৃয়ে। এটা বৌদ্ধ মন্দিৰৰ সন্মুখৰ ৰাস্তাত পেলাই থৈ যায় পিতৃ-মাতৃয়ে। তাকো জন্মৰ মাত্ৰ এসপ্তাহৰ পিছতে। ইয়াৰ পিছৰ পৰাই কাৰ্যত অনাথ কান্যা চেচাৰ। ঠিকনা হৈ পৰে অনাথ আশ্ৰম। জীৱনৰ আৰম্ভণি সময়খিনি তিক্ততা পূৰ্ণ হ'লেও পিছলৈ এহাল মমতাময়ী মাতৃ-পিতৃ লাভ কৰে চেচাৰে। জিমি আৰু ৰিয়ান চেচাৰ নামৰ দম্পত্তিটোৱে থাইলেণ্ডৰ অনাথ আশ্ৰমৰ পৰা কান্যাক মাৰ্কিন যুক্তৰাষ্ট্ৰলৈ লৈ যায়। পোৰ্টলেণ্ডত ডাঙৰ-দীঘল হয় চেচাৰ। আৰু আৰম্ভ কৰে এক নতুন জীৱন। কোনো দিন হুইল শ্বেয়াৰত বহা নাই চেচাৰ। সৰুকালৰ পৰাই চেচাৰৰ পছন্দ স্কেট বোৰ্ড। আৰু স্কেট বোৰ্ডৰ ওপৰতে নিৰ্ভৰ কৰে এতিয়া মৎস্যকন্যা চেচাৰ! বিশ্ববাসীক দেখুৱাই দিছে নিজৰ মনৰ অদম্য শক্তি। বিভিন্ন পোছাক. অন্তৰ্বাস কোম্পানীৰ মডেল হিচাপে এতিয়া জনপ্ৰিয় কান্যা চেচাৰ। সংবাদমাধ্যমক দিয়া সাক্ষাৎকাৰত কৈছে যে, নো লেগছ, নো লিমিটচ। এদিন মাক-দেউতাকে ভৰি নাই বুলি পেলাই দিয়া কন্যাগৰাকীৰ এতিয়া মাহিলী আয় প্ৰায় ৫০ লাখ টকা। ২৩ বছৰীয়া এই মডেলগৰাকীৰ সপোন, এদিন তেওঁ পেৰা অলিম্পিক প্ৰতিযোগিতাত মোনো স্কি বিভাগত প্ৰতিদ্বন্দিতা কৰিব। জীৱনৰ অন্ধকাৰ নাশ কৰি এতিয়া পোহৰৰ সন্ধানত কান্যা। তেওঁ কেতিয়াও নিজকে আনতকৈ পৃথক বুলি ভবা নাই। স্কেট বোৰ্ড আৰু আত্মবিশ্বাসে এটাৰ পিছত এটাকৈ সফলতাৰ জখলা বগাইছে। তেওঁ আনকো সাহস দিছে।