মুখ্যপৃষ্ঠা »
ফটো » জীৱন শৈলী» প্ৰেমৰ বাবেই এৰিলে ৰাজপৰিয়াল, এতিয়া সাধাৰণ যুৱকৰ সৈতে বিয়াত বহিব জাপানৰ ৰাজকুমাৰী ! ল'বলৈ অস্বীকাৰ কৰিলে ৰাজপৰিয়ালৰ ৯ কোটি টকাও...
প্ৰেমৰ বাবেই এৰিলে ৰাজপৰিয়াল, এতিয়া সাধাৰণ যুৱকৰ সৈতে বিয়াত বহিব জাপানৰ ৰাজকুমাৰী ! ল'বলৈ অস্বীকাৰ কৰিলে ৰাজপৰিয়ালৰ ৯ কোটি টকাও...
Princess Mako of Akishino জাপানৰ ৰাজকুমাৰী মাকো ৰাজবংশৰ বাহিৰৰ এজন সাধাৰণ নাগৰিকৰ সৈতে বিবাহপাশত আৱদ্ধ হ'ব। মাকোৱে তেওঁৰ প্ৰেমিকৰ বাবে ৭ বাৰ বিবাহ ভাঙিছে। তেওঁ ৰাজপৰিয়ালৰ পৰা প্ৰায় ৯.১০ কোটি টকা লাভ কৰিছিল। মাকোৱে এই ধন ল'বলৈ অস্বীকাৰ কৰিছে। (সকলো ফটো- AP)
Kokil Sarma | News18 Assam | September 3, 2021, 11:03 AM IST
1/ 4
<br /> Princess Mako of Akishino জাপানৰ ৰাজকুমাৰী মাকো ৰাজবংশৰ বাহিৰৰ এজন সাধাৰণ নাগৰিকৰ সৈতে বিবাহপাশত আৱদ্ধ হ'ব। মাকোৱে তেওঁৰ প্ৰেমিকৰ বাবে ৭ বাৰ বিবাহ ভাঙিছে। তেওঁ ৰাজপৰিয়ালৰ পৰা প্ৰায় ৯.১০ কোটি টকা লাভ কৰিছিল। মাকোৱে এই ধন ল'বলৈ অস্বীকাৰ কৰিছে।
2/ 4
<br />ৰাজকুমাৰী মাকো (২৯) জাপানৰ বৰ্তমানৰ ৰজা নাৰুহিটোৰ ভাতৃ ৰাজকুমাৰ আকিশিনোৰ জীয়ৰী। তেওঁ প্ৰেমিক কোমুৰোক বিয়া কৰাবলৈ সিদ্ধান্ত লৈছে। বিয়াৰ পিছত তেওঁলোকে আমেৰিকাত বসতি স্থাপনৰ প্ৰক্ৰিয়াত আছে। এই বিয়াখন কেতিয়া হ'ব সেয়া এতিয়াও প্ৰকাশ হোৱা নাই। অৱশ্যে, ৰাজপৰিয়ালেও এই বিবাহত সন্মত হৈছে।
3/ 4
ৰাজকুমাৰী মাকোৰ প্ৰেমিক কোমুৰোৱে আমেৰিকা যুক্তৰাষ্ট্ৰত আইন অধ্যয়ন কৰি আছে। কোমুৰো ভায়োলিন বজাবলৈ আৰু ৰন্ধন ভাল পায় বুলি জনা গৈছে। তেওঁ সাগৰৰ পাৰত পৰ্যটনৰ প্ৰচাৰৰ বাবে সাগৰৰ ৰাজকুমাৰ হিচাপে কাম কৰে।
4/ 4
<br />ৰাজকুমাৰী মাকোক ২০১৩ চনৰ ডিচেম্বৰত এক নৈশ ভোজৰ সময়ত তেওঁৰ প্ৰেমিক কেই কোমুৰোৰ দ্বাৰা বিয়াৰ প্ৰস্তাৱ দিছিল বুলি জনা গৈছে। দুয়োজনে তেওঁলোকৰ প্ৰেম দীৰ্ঘদিন ধৰি লুকুৱাই ৰাখিছিল। তাৰ পিছত ৰাজকুমাৰীগৰাকী ব্ৰিটেইনত পঢ়িবলৈ গৈছিল।