ফৰাচী সন্ন্যাসীসকলৰ প্ৰাচীন দস্তাবেজ দ্য মাইনাৰ্ছ অৱ দ্য ফ'ৰ মাষ্টাৰ্ছৰ মতে, ইয়াক ১৬৩২ চনৰ পৰা ১৬৩৬ চনৰ ভিতৰত কিছুমান যাদুকৰী শক্তি থকা গোটৰ নেতা টুথা ডি ডেননে প্ৰতিষ্ঠা কৰিছিল। এই নথিসমূহ ১৬৩২-১৬৩৬ চনত লিখা হৈছিল। কিছুমান বিজ্ঞানীয়ে অনুমান কৰিছে যে আয়াৰলেণ্ডত ব্ৰঞ্জ বা কাঁহৰ তৈয়াৰ–ব্যৱহাৰ এই গোটৰ মানুহে কৰিছিল।
ইউৰোপীয় পৰম্পৰাত দেৱী ডানু এগৰাকী নদী দেৱী আছিল। ডেনিউব, ডোন, ডনীপৰ আৰু ডিনিয়েষ্টৰ নদীও ইয়াৰ সৈতে সম্পৰ্কিত। কিছুমান আইৰিছ গ্ৰন্থত এই দেৱীৰ পিতৃক ডাগদা (শ্ৰেষ্ঠ ঈশ্বৰ) বুলি কোৱা হয়। বৈদিক পৰম্পৰাত দক্ষৰ জীয়ৰী দানু দেৱী উল্লেখ পোৱা যায়, যি দক্ষৰ জীয়াৰী, কাশ্যপ মুনিৰ পত্নী আছিল আৰু নদীৰ দেৱী আছিল। সংস্কৃতত দানু শব্দটোৰ অৰ্থ হৈছে 'প্ৰবাহিত পানী'। দক্ষৰ দুগৰাকী কন্যা আছিল, তেওঁৰ দ্বিতীয় কন্যা সতী ভগৱান শিৱৰ সৈতে বিবাহপাশত আবদ্ধ হৈছিল। যিসকলে বৈদিক পৰম্পৰা অনুসৰণ কৰে, তেওঁলোকৰ বাবে লিয়া ফেইল নামটো শিৱ লিংগ (Shiv Linga)ৰ সৈতে বহুক্ষেত্ৰত একে।
শেহতীয়া বছৰবোৰত আয়াৰলেণ্ডৰ এই শিৱ লিংগৰ ক্ষতি কৰাৰ বাবে কেইবাবাৰো চেষ্টা কৰা হৈছে। ২০১২ চনৰ জুন মাহত এজন ব্যক্তিয়ে ১১বাৰ শিলটোত আঘাত কৰিছিল। তাৰ পিছত, ২০১৪ চনৰ মে' মাহত কোনোবাই ৰঙা আৰু সেউজীয়া ৰং সানি নষ্ট কৰিবলৈ চেষ্টা কৰিছিল। মানুহে ক'লা যাদু আৰু তান্ত্ৰিক কাৰ্যকলাপ কৰিবলৈ ইয়ালৈ আহি থাকে।