চীনত এনেকুৱা অলেখ গগণচুম্বী অট্টালিকা আছে যিবোৰত কোনো নাথাকে। তথাপি দেশখনত নতুন নতুন অট্টালিকা নিৰ্মাণৰ কাম জোৰদাৰ গতিত চলি আছে। চীনে এই লক্ষ্য বান্ধি লৈছে যে প্ৰতি বছৰে ২০ খন নতুন চহৰ স্থাপন কৰিব কিন্তু সেই চহৰবোৰত কোন থাকিব তাৰ কোনো পৰিকল্পনা নাই। সেয়ে চীনৰ বহু চহৰক ভুতৰ চহৰ বুলি কোৱা হয়।
9/ 10
চীনত এতিয়ালৈ ১০ দিনৰ সৰ্বাধিক দীঘলীয়া ট্ৰেফিক জামৰ অভিলেখ আছে। ২০১০ চনৰ এই যান-জঁটৰ ঘটনাত বেইজিঙৰ পৰা মংগোলীয়ালৈ যোৱা পথত ৬০ মাইল দীঘল গাড়ীৰ লাইন লাগিছিল।