ইমৰান খানে এইচবিঅ' (HBO)ত সম্প্ৰচাৰিত এক সাক্ষাৎকাৰত কয়, 'যিমান দূৰ মই জানো ই কোনো আক্ৰমণাত্মক কথা নহয়। কোনো দেশ যাৰ প্রতিবেশী সাতগুণ ডাঙৰ, তেন্তে চিন্তিত হ'বই।' ইমৰাণ খানে লগতে কয় যে তেওঁ পাৰমাণৱিক অস্ত্ৰৰ বিৰোধী। প্ৰধানমন্ত্ৰীয়ে কয়, "মই সদায় ইয়াৰ বিৰোধী হৈ আহিছো। ভাৰতৰ সৈতে আমাৰ তিনিখন যুদ্ধ হৈছে। তাৰ পিছত আমাৰ ওচৰত পাৰমাণৱিক অস্ত্ৰ আহিল। তেতিয়াৰ পৰা আমাৰ মাজত যুদ্ধ হোৱা নাই।
পাকিস্তানী প্ৰধানমন্ত্ৰীয়ে কয় যে পাৰমাণৱিক বোমা নিৰ্মাণৰ পিছত আমি সীমান্তত ভাৰতৰ সৈতে সংঘৰ্ষ কৰিছো, কিন্তু কোনো যুদ্ধ হোৱা নাই। তেওঁ কয়, "যেতিয়া কাশ্মীৰ সমস্যাৰ সমাধান হ'ব, দুয়োখন চুবুৰীয়া দেশ অসামৰিক নাগৰিকৰ দৰে জীয়াই থাকিব। আমাক পাৰমাণৱিক অস্ত্ৰৰ প্ৰয়োজন নহ'ব।' একেটা সাক্ষাৎকাৰৰ সময়ত পাকিস্তানৰ প্ৰধানমন্ত্ৰী ইমৰাণ খানক উইঘুৰ মুছলমানসকলৰ বিষয়ত প্ৰশ্ন কৰা হৈছিল, যিসকল চীন চৰকাৰৰ দ্বাৰা নিৰ্যাতিত মুছলমান বুলি পৰিচিত হৈ আহিছে।
চীনৰ উইঘুৰ মুছলমানৰ ওপৰত অত্যাচাৰ সন্দৰ্ভত ইমৰান খানে কৈছিল যে তেওঁ চীনৰ সৈতে বন্ধ কোঠাত কথা পাতে। উইঘুৰসকলৰ কথা ওলাওঁতে ইমৰাণ খানক কেৱল কাশ্মীৰৰ প্ৰসংগ টানি অনা দেখা গৈছিল। এইক্ষেত্ৰত তেওঁক সচেতন কৰি দিওঁতে তেওঁ কয়– 'কাশ্মীৰত হোৱা অত্যাচাৰৰ ক্ষেত্ৰত পশ্চিমীয়া দেশসমূহ কিয় নীৰৱ?' চীনে আপোনাক টকা দিছে নেকি বুলি প্ৰশ্ন কৰাত ইমৰাণ খানক উত্তেজিত হোৱা দেখা গৈছিল। তেওঁ কয় যে যিসকল মোৰ দেশৰ সীমান্তত আছে, তেওঁলোকক লৈ মই অধিক চিন্তিত। এইক্ষেত্ৰত ইমৰাণ খান পুনৰ অস্বস্তিত পৰিছিল, কিয়নো চীনৰ জিনজিয়াং প্ৰদেশ পাকিস্তানৰ সীমান্তত আছে। কিন্তু শেষৰ ফালে ওলাই উৰহীৰ ওৰ, ইমৰাণ খানে স্পষ্ট কৰি দিয়ে যে তেওঁ কাশ্মীৰৰ কথা কৈছিল, যি তেওঁৰ দেশৰ এক "অংশ"।