ICC World Cup 2019ৰ ফাইনেল মেচখন লৰ্ডছ খেলপথাৰত ইংলেণ্ড আৰু নিউজীলেণ্ডৰ মাজত অনুষ্ঠিত হ’ল। ৰোমাঞ্চকৰ এই মেচখনত নিউজীলেণ্ডৰ ভাগ্যই তেওঁলোকক সংগ নিদিলে আৰু ইংলেণ্ড ৱৰ্ল্ড চেম্পিয়নৰ খিতাপ দখল কৰিলে। ২৩ বছৰৰ পিছত ক্ৰিকেট জগতে লাভ কৰিলে নতুন ৱৰ্ল্ড চেম্পিয়ন। এই জয়ৰ লগতে ইংলেণ্ডৰ খেলুৱৈসকলৰ ওপৰত টকাৰ বৰষুণ হৈছে।