Hurricane Agatha ঘূৰ্ণী বতাহত বিপৰ্যস্ত জনজীৱন। হাৰিকেন আগাথাৰ ফলত হোৱা বানত বিভিন্ন স্থানত ভূমিস্খলন। এতিয়ালৈ লাভ কৰা খবৰ অনুসৰি, ১০জন লোকৰ মৃত্যু হৈছে। নিখোঁজ হৈ আছে ২০জন। দক্ষিণৰ চহৰ ওক্সাকাৰ গভৰ্ণৰে জনাইছে, ‘আগাথাৰ প্ৰভাৱত ১৬৫ কিলোমিটাৰ প্ৰতি ঘণ্টাত বতাহ বলিছে। হুৱাতুল্কোৰ ৰিস’ৰ্টৰ ওচৰত তিনিটা শিশু নিখোজ হোৱাৰ খবৰ আহিছে। ইউ এছ নেচনেল হাৰিকেন চেণ্টাৰৰ খবৰ অনুসৰি, মেক্সিকোত ৭৩ বছৰ পিছত এনে ভয়ানক ঘূৰ্ণীবতাহ আহিছে। উদ্ধাৰকাৰী দল মোতায়েন কৰা হৈছে। নিখোঁজ লোকসকলৰ অনুসন্ধান অব্যাহত আছে। ধুমুহাৰ ফলত বিদ্যুৎ সংযোগ বিচ্ছিন্ন কৰা হৈছে। বতৰ বিজ্ঞান বিভাগৰ মতে এয়া এই বছৰৰ প্ৰশান্ত মহাসাগৰৰ প্ৰথম হাৰিকেন।