ছানফ্ৰান্সিছকোৰ প্ৰথম মহিলা আৰু অশ্বেতাংগ ডিষ্ট্ৰিক্ট এটৰ্নি তেওঁ। প্ৰথম দক্ষিণ এশিয় আমেৰিকান ছিনেটাৰো তেওঁ। কিন্তু এইবাৰ যিটো হ’ল, সেইটোৱে সকলো উপাধিকেই যেন ম্লান কৰি পেলালে। মাৰ্কিন উপ–ৰাষ্ট্ৰপতি হিচাপে নিৰ্বাচিত কমলা হেৰিছ। ট্ৰাম্পে বেয়া, পাগল মহিলা বুলি কটাক্ষ কৰিছিল হেৰিছক। কিন্তু ট্ৰাম্পক উত্তৰ দিলে আমেৰিকাবাসীয়ে।