টীম ইণ্ডিয়াৰ অধিনায়ক বিৰাট কোহলি (Virat Kohli)ৰ যশ আৰু খ্যাতিৰ লগতে আছে অপাৰ ধন। বিৰাট কোহলিৰ বছৰি আয় ২০০ কোটিৰ ওপৰত যি বৰ্তমান ক্ৰিকেট বিশ্বৰে সৰ্বাধিক ধনি খেলুৱৈ। কিন্তু আপুনি জানেনে এনে এগৰাকী খেলুৱৈও আছে যিগৰাকীয়ে বিৰাট কোহলিৰ বছৰি উপাৰ্জনতকৈ ৫৪৩ কোটি টকা বেছি এদিনতে উপাৰ্জন কৰিছে। (AP) আমেৰিকাৰ বিখ্যাত পেছাদৰী বক্সাৰ ফ্লয়ড মেয়ৱেদাৰ (Floyd Mayweather)ৰে জনাইছে যে তেওঁ যোৱা মাহত ইউটিউবাৰ লোগান পলৰ সৈতে এটা ফাইটত ১০০ মিলয়ন ডলাৰ টকা ঘটিছে। অৰ্থাৎ ভাৰতীয় টকাৰ হিচাপত মেয়ৱেদাৰে এদিনতে উপাৰ্জন কৰিছে ৭৪৩ কোটি টকা। কিন্তু আপোনালোকে জানি আচৰিত হ'ব যে মেয়ৱেদাৰৰ এই ফাইট আচল নাছিল, নকলি আছিল, মেয়ৱেদাৰে নিজে এই কথাৰ খোলোচা কৰিছে। বিগত কেইবাদিন ধৰি ইউটিউবত মেয়ৱেদাৰৰ এটা ভিডিঅ' ভাইৰেল পৰিছে, যিটোত তেওঁ নিজেই খোলোছা কৰিছে যে এটা নকল ফাইটৰ পৰাই তেওঁ ৭৪৩ কোটি টকা ঘটিছে। মেয়ৱেদাৰ আৰু লোগান পলৰ মাজত ৬ জুনত ফাইট হৈছিল। ৮ ৰাউণ্ডলৈ চলা এই ফাইটত মেয়ৱেদাৰে লোগান পলক নক আউট কৰিব পৰা নাছিল। খেলৰ পিছত গোটেই দুনীয়াত মেয়ৱেদাৰৰ সোমালোচনা হৈছিল কিন্তু বক্সাৰ জনৰ মন্তব্য এই যে এইবোৰ কথাৰে তেওঁৰ একো আহে-নাযায়। তেওঁ এই ফাইটৰ পৰা ৭৪৩ কোটি টকা পালে সেয়াই তেওঁৰ বাবে ডাঙৰ কথা। আচৰিত যে মেয়ৱেদাৰে নিজৰ কেৰিয়াৰত এখনো মেচত পৰাজিত হোৱা নাই। কৰিয়াৰৰ ৫০খন খেলৰ ৫০ খনতেই জয়ী হৈছিল বক্সাৰজন। ২০১৭ চনত তেওঁ পেছাদাৰী বক্সিং খেলৰ পৰা অৱসৰ লৈছিল। মেয়ৱেদাৰে ২০২০ চনৰ ভিতৰত ৪৫০ নিযুত ডলাৰ উপাৰ্জন কৰিছিল। কিন্তু এইবাৰ এদিনতে ৭৪৩ কোটি উপাৰ্জন কৰাৰ পিছত তেওঁৰ ধনৰ পৰিমাণ ১.২ বিলিয়ন অৰ্থাৎ ভাৰতীয় টকাৰ হিচাপত ৮৯১৪ কোটি ৮৯ লাখ টকালৈ বৃদ্ধি হয়। মেয়ৱেদাৰ আছে বিশ্বৰ দামী দামী গাড়ীৰ ভাণ্ডাৰ। বুগাটী গ্ৰেণ্ড, বুগাটী বেৰণ, লেম্বৰঘিনি এভেণ্টেডাৰ, ফেৰাৰী 5999 GTB ফিয়োৰাণোৰ দৰে বিলাসী বাহন আছে। এইবোৰৰ উপৰি কেইবাখনো ৰোলছ ৰয়েছ আৰু বেণ্টেলী বাহনো আছে। মেয়ৱেদাৰৰ আছে নিজা এখন জেট বিমান যাৰ দাম ৩৪৪ কোটি টকা। দামী ঘঁড়ীৰ চৌখিন লোক মেয়ৱেদাৰৰ লগত ৫০ কোটিৰো অধিক টকাৰ ঘঁড়ী আছে।