

পিৰামিডৰ সন্মুখত ফটোশ্বুট কৰি বিপদত পৰিল এগৰাকী মডেল। ফটোশ্বুট কৰিবলৈ মডেলগৰাকীয়ে সকলো ব্যৱস্থাও কৰি লৈছিল। হৈ গ’ল ফটোশ্বুট। কিন্তু তাৰ পিছতে লাগিল অথন্তৰ। ছচিয়েল মিডিয়াত ফটো ভাইৰেল হোৱাৰ পিছতে অশালীন ফটো তোলাৰ অপৰাধত ফটোগ্ৰাফাৰজনক গ্ৰেপ্তাৰ কৰে আৰক্ষীয়ে।


পবিত্ৰ পিৰামিডৰ সন্মুখত অশালীন ফটো কিয়? প্ৰস্ন আছিল এইটোৱেই। কেৱল ফটোগ্ৰাফাৰেই নহয়, মডেল ছালমা আল চিমিকো শাস্তি প্ৰদান কৰিবলৈ দাবী জনাইছে সকলোৱে।


পৰম্পৰাগত পোছাক পৰিধান কৰি কেমেৰাত প’জ দিছিল ছালমাই। ফটো আপলোড কৰিছিল নিজৰ ছচিয়েল মিডিয়া ছাইটত। শ্বুট কৰে টিকটক ভিডিঅ’ও। সপোনতো ভবা নাছিল যে, সেই ফটোৱে মাতি আনিব বিপদ। ফটোগ্ৰাফাৰক ইতিমধ্যে গ্ৰেপ্তাৰ কৰিছে আৰক্ষীয়ে।


ইজিপ্তৰ সকলোতকৈ আকৰ্ষণৰ কেন্দ্ৰস্থল এই পিৰামিডবোৰ। ইজিপ্তৰ চৰকাৰে সমাধিক্ষেত্ৰত অশালীন কাম-কাজ কৰা কোনো কাৰণতে সহ্য নকৰে। ফেশ্বন ফটোগ্ৰাফাৰৰ লগতে মডেল ছালমাকো গ্ৰেপ্তাৰ কৰা হ’ব বুলি জনাইছে আৰক্ষীয়ে।