তিনি দেশৰ ইউৰোপ ভ্ৰমণৰ দ্বিতীয় ভাগত মঙলবাৰে ডেনমাৰ্কত উপস্থিত হয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী। প্ৰধানমন্ত্ৰীক স্বাগতম জনাবলৈ কোপেনহেগেন এয়াৰপোৰ্টত উপস্থিত আছিল ডেনমাৰ্কৰ প্ৰধানমন্ত্ৰী মেটে ফ্ৰেডাৰিকছেন। Photo-Twitter/Arindam Bagchi বিমানবন্দৰৰ পৰাই প্ৰধানমন্ত্ৰীক মাৰিয়েনবোৰ্গৰ নিজৰ বাসভৱনলৈ লৈ যায় ডেনমাৰ্কৰ প্ৰধানমন্ত্ৰীয়ে। মোদীক নিজৰ ঘৰ ঘূৰাই–ফুৰাই দেখুৱালে তেওঁ। Photo-Twitter/Arindam Bagchi বিমানবন্দৰত ভাৰতীয় প্ৰধানমন্ত্ৰীক স্বাগতম জনাবলৈ বিশেষ ব্যৱস্থা লৈছিল ডেনমাৰ্কৰ প্ৰধানমন্ত্ৰীয়ে। নৰেন্দ্ৰ মোদীক স্বাগতম জনাবলৈ বিমানবন্দৰৰ ৰানৱে’ৰ ওচৰতে ঢোলসহ ভাৰতীয় বাদ্যযন্ত্ৰ বজোৱাৰ ব্যৱস্থা কৰিছিল। Photo-Twitter/Arindam Bagchi সেউজীয়াৰে ভৰা বাগিচাত পায়চাৰিও কৰে দেখা যায় মোদী আৰু ফ্ৰেডাৰিকছেনক। ভাৰতলৈ আহি নৰেন্দ্ৰ মোদীৰ পৰা যিখন ছপি তেওঁ উপহাৰ পাইছিল, সেয়াও প্ৰধানমন্ত্ৰীক দেখুৱালে ফ্ৰেডাৰিকছেনে। Photo-Twitter/Arindam Bagchi ডেনমাৰ্কৰ প্ৰধানমন্ত্ৰীৰ সৈতে আলোচনাতো মিলিত হয় মোদী। লগতে ডেনমাৰ্কত থকা প্ৰৱাসী ভাৰতীয় আৰু সেই দেশৰ ৰাণীৰ সৈতেও সাক্ষাৎ কৰিব নৰেন্দ্ৰ মোদীয়ে। Photo-Twitter/Arindam Bagchi