২০১৩ চনৰ পৰা ক্লাৰে ৰেটক্লীফৰ সৈতে প্ৰেমৰ সম্পৰ্কত আছে ইংলেণ্ডৰ তাৰকা অলৰাউণ্ডাৰ বেন ষ্ট্ৰোক। বিবাহৰ পূৰ্বেই দুটাকৈ সন্তানৰ পিতৃ হ’ল ইংলেণ্ডৰ তাৰকা অলৰাউণ্ডাৰ বেন ষ্ট্ৰোক। বিগত বৰ্ষত বেন ষ্ট্ৰোকে খেলা বিস্ফোৰক ইনিংছৰ পিছৰ পৰাই তেওঁ এতিয়া ইংলেণ্ডৰ তাৰকা ক্ৰিকেটাৰসকলৰ শাৰীলৈ উন্নীত হ’ল। প্ৰেয়সীৰ সৈতে বেনে এতিয়া প্ৰায় ৭টা বছৰ একেলগে আছে। যিসময়ত বেনৰ পিতৃৰ বিয়োগ ঘটিছিল, তেতিয়াৰ পৰাই বেনৰ সাহস প্ৰেয়সী ক্লাৰে ৰেটক্লীফ। ইতিমধ্যে দুয়ো বিবাহ পাশত আবদ্ধ হোৱাৰো প্ৰস্তুতি চলাইছে। ২০১৭ চনতে বেন ষ্ট্ৰোকে বিবাহপাশত আবদ্ধ হ’ব বুলি খবৰ ওলাইছিল। কিন্তু বিশেষ কাৰণত তেওঁ নোৱাৰিলে সংসাৰ কৰিব। কিন্তু বিবাহৰ আগতেই দুটাকৈ সন্তানৰ পিতৃ হোৱাৰ গৌৰৱ অৰ্জন কৰিলে বেনে।