চীনৰ সাংঘাই চহৰত বিশ্বৰ প্ৰথমখন আণ্ডাৰ গ্ৰাউণ্ড হোটেল নিৰ্মাণ কৰা হৈছে। ইয়াত আছে সৰ্বমুঠ ১৮টা ফ্ল'ৰ। কিন্তু ইয়াৰে ১৬টাই আছে মাটিৰ তলত। এই ভূগৰ্ভস্থ হোটেলখন মধ্য চীনৰ শ্বেশান পৰ্বতমালাতৰ এটা 90 মিটাৰ ডাঙৰ শিলৰ ওচৰত নিৰ্মাণ কৰা হৈছে। ৮৮ মিটাৰ গভীৰ হোটেল নাম দিয়া হৈছে Intercontinental Shanghai Wonderland। এই হোটেলখনৰ তলৰ দুটা মহলা পানীৰ তলত আছে। 49,409 মিটাৰ বৰ্গক্ষেত্ৰত বিস্তাৰিত, হোটেলখনত 383 টা কোঠা পৰ্যটকৰ বাবে ৰখা হৈছে। এইকেইটা ৰুমৰ পৰা সকলো সময়তে সাগৰৰ সৌন্দৰ্য উপভোগ কৰিব পাৰিব। হোটেলখনত ১০ মিটাৰ গভীৰ একুৰিয়ামৰ দ্বাৰা আৱৰি থকা দুটা মহলাও আছে। হোটেলখনৰ মুখ্য আকৰ্ষণ হৈছে কাঁচৰ জলপ্ৰপাত, হোটেলৰ প্ৰতিটো কোঠাৰ পৰা জলপ্ৰপাতটো চাবলৈ হোটেলৰ মাজভাগত নিৰ্মাণ কৰা হৈছে। ই পৰ্যটকত অধিক আকৰ্ষিত কৰে। ইয়াত চুইটত থকাৰ বাবে এক নিশাৰ ভাড়া হৈছে প্ৰায় ৩৫ হাজাৰ টকা। ইয়াৰ উপৰিও, পৰ্যটকসকলে প্ৰকৃতিৰ সৌন্দৰ্যৰ সৈতে বাঞ্জি জাম্পিং আৰু ৰক ক্লাইম্বিং আদিও উপভোগ কৰিব পাৰে। ( ব্ৰিটিছ স্থপতিবিদ মাৰ্টিন জোকমেনৰ দ্বাৰা ডিজাইন কৰা, ভূগৰ্ভস্থ হোটেলখন নিৰ্মাণ কৰিবলৈ প্ৰায় ১০ বছৰ সময় লাগিছিল আৰু প্ৰায় ২০০০ কোটি টকা ব্যয় হৈছিল।