১৯৮০ চনৰ ১২ মে’ত দক্ষিণ-পূব ইংলেণ্ডত অৱস্থিত হেম্পশ্বাৰৰ ছাউথমপটনত জন্মগ্ৰহণ কৰিছিল ঋষি সুনকে। তেওঁৰ পিতৃ যশবীৰ সুনক এজন সাধাৰণ চিকিৎসক আৰু মাতৃ ঊষা সুনক এগৰাকী ৰসায়নবিদ। পঞ্জাৱ প্ৰদেশত (ব্ৰিটিছ ভাৰত) জন্মগ্ৰহণ কৰা ঋষিৰ ককাক-আইতাক ১৯৬০ চনত পূব আফ্ৰিকাৰ পৰা ব্ৰিটেইনলৈ প্ৰব্ৰজন কৰিছিল। ঋষি সুনকৰ বয়স বৰ্তমান ৪২ বছৰ।
ঋষি সুনকৰ শিক্ষাগত অৰ্হতা: ইংলেণ্ডৰ হেম্পশ্বাৰত অৱস্থিত ৰমছিৰ ষ্ট্ৰাউড স্কুলৰ পৰা ঋষি সুনাকে পঢ়া-শুনা আৰম্ভ কৰিছিল। ৱিনচেষ্টাৰ কলেজত পঢ়ি থকাৰ সময়ত তেওঁ আছিল হেড বয়। এইখন এখন বৰ্ডিং স্কুল। ২০০১ চনত অক্সফৰ্ডৰ লিংকন কলেজৰ পৰা দৰ্শন, ৰাজনীতি আৰু অৰ্থনীতি বিষয়ত অধ্যয়ন কৰে। ইয়াৰ পিছত ২০০৬ চনত তেওঁ ষ্টেনফৰ্ড বিশ্ববিদ্যালয়ৰ পৰা ফুলব্ৰাইট স্কোলাৰ হিচাপে এম বি এ কৰে।
ঋষি সুনকৰ কেৰিয়াৰঃ ছাউথমপটনত পঢ়ি থকাৰ সময়ত গ্ৰীষ্মকালীন ছুটীত এখন কাৰী হাউছত ওৱেটাৰ হিচাপে কাম কৰিছিল ঋষি সুনকে। তাৰ পিছত অক্সফৰ্ড বিশ্ববিদ্যালয়ত পঢ়াৰ মাজতে কনজাৰ্ভেটিভ কেম্পেইন মুখ্য কাৰ্যালয়ত ইন্টাৰ্নশ্বিপ কৰে। ২০০১ চনৰ পৰা ২০০৪ চনৰ ভিতৰত তেওঁ এটা বিনিয়োগ বেংক গোল্ডমেন চেক্সত বিশ্লেষক হিচাপে কাম কৰিছিল। ২০১৪ চনতে তেওঁ ৰাজনৈতিক জীৱন আৰম্ভ কৰিছিল।
ঋষি সুনক নিউজঃ ‘দ্য গাৰ্ডিয়ান’ত প্ৰকাশিত বাতৰি অনুসৰি ঋষি সুনকৰ প্ৰায়বোৰ সহপাঠী আৰু অধ্যাপকৰ তেওঁৰ নাম বা চেহেৰা মনত নাই। সেই সময়ৰ ষ্টেনফৰ্ড বিজনেছ স্কুলৰ ডীন ৰবাৰ্ট জ’নে এটা সাক্ষাৎকাৰত জনাইছিল যে স্নাতক হোৱাৰ প্ৰতিটো শ্ৰেণীত ৪০০ ছাত্ৰ-ছাত্ৰী আছিল। গতিকে সকলোকে মনত ৰখাটো সম্ভৱ নহয়। তেওঁ লগতে কয়, ‘আপুনি কেৱল সেইসকল ছাত্ৰ-ছাত্ৰীকহে মনত পেলাব পাৰে, যিসকলে কেতিয়াবা কিবা এটা বিপদত পৰিছে বা যিসকলে ডাঙৰ পুৰস্কাৰ লাভ কৰিছে।’ অর্থাৎ মহাবিদ্যালয়খনৰ নিৰৱ ছাত্র-ছাত্রীসকলৰ মাজৰ এজন আছিল ঋষি৷