বিগ বাৰ্থা কেনন, ১৯১৪ঃ প্ৰথম বিশ্বযুদ্ধৰ সময়ত জাৰ্মানীয়ে বিগ বাৰ্থা টোপ ফ্ৰান্স আৰু বেলজিয়ামৰ দুৰ্গ ভাঙিবলৈ ব্যৱহাৰ কৰিছিল। মনছ মেগ টোপঃ মনছ মেগৰ ওজন ছয় টন আৰু ইয়াক মনচ চহৰৰ (Belgium) নামেৰে নামকৰণ কৰা হৈছে, য'ত ইয়াক নিৰ্মাণ কৰা হৈছিল। এইটো ১৪৫৭ চনত স্কটলেণ্ডৰ ৰজা দ্বিতীয় জেমছক দিয়া হৈছিল। এই কামানটো ১৫–১৬ শতিকাত ব্যৱহাৰ কৰা হৈছিল। এ মাউণ্টেড ১৩ ইঞ্চি মৰ্টাৰ, ১৮৬২ঃ এই মৰ্টাৰটো ভাৰ্জিনিয়াৰ য়ৰ্কটাউনৰ অৱৰোধৰ সময়ত ব্যৱহাৰ কৰা হৈছিল। কাউণ্টাৰৱেট ট্ৰেবুছেট, মেঙ্গোনেল আৰু এক পেৰিয়াৰঃ এই যন্ত্ৰ ফ্ৰান্সৰ এটা সংগ্ৰহালয়ত আছে, মধ্যযুগৰ চিত্ৰ আৰু গ্ৰন্থৰ পৰা আৰ্হি লৈ ইয়াক পুনৰ নিৰ্মাণ কৰা হৈছে। বেলিষ্টা ষ্টোনচ, প্ৰথম শতকঃ বেলিষ্টা প্ৰথম শতিকাৰ, কিন্তু ইয়াৰ পুনৰ নিৰ্মাণ কৰা হয় ৰোমান বেলিষ্টা ডি আৰ্কিটেকচাৰত পোৱা তথ্যৰ আধাৰত। জাৰ্মান লেডাৰ টোপ, সপ্তদশ শতিকাঃ এই টোপটো সহজে এঠাইৰ পৰা আন ঠাইলৈ লৈ যোৱাৰ বাবে প্ৰস্তুত কৰা হৈছিল। ইয়াক তৈয়াৰ কৰিবলৈ লো, তাম, কাঠৰ সৈতে চামৰাও ব্যৱহাৰ কৰা হৈছিল। গান শ্বিল্ডঃ ফ্ৰান্সৰ ৰজা অষ্টম হেনৰীৰ দেহৰক্ষীয়ে এই গান শ্বিল্ড ব্যৱহাৰ কৰিছিল। ইয়াক কাঠেৰে নিৰ্মাণ কৰা হৈছিল। কিন্তু ইয়াৰে যিকোনো ব্যক্তিক অস্ত্ৰ নেদেখুৱাকৈ গুলী বৰ্ষণ কৰিব পাৰি। ইয়াত পিষ্টল সংযুক্ত কৰি থোৱা আছিল। শ্বৰ্ড ব্ৰেকাৰঃ এই অস্ত্ৰ সাধাৰণ ছুৰীৰ দৰে। কিন্তু যিকোনো তৰোৱাল ভাঙিবলৈ সক্ষম হয়। যদি কোনোবাই তৰোৱালেৰে আক্ৰমণ কৰে, ই কেৱল তৰোৱাল আক্ৰমণ প্ৰতিৰোধেই নকৰে, তৰোৱাল ভঙাৰ উপৰি বিপক্ষৰ প্ৰাণনাশো কৰিব পাৰে।