ৰাছিয়াৰ তুলনাত ইউক্ৰেইন তেনেই সাধাৰণ সামৰিক শক্তিৰ দেশ যদিও বিগত দিনবোৰৰ ঘটনাপ্ৰৱাহে ইউক্ৰেইনৰ নাগৰিকৰ সাহসক তুলি ধৰিছে। এনে এটা খবৰ শেহতীয়াকৈ চৰ্চিত হৈছে বিশ্ব সমাজত। ডেইলী ষ্টাৰৰ প্ৰতিবেদন অনুসৰি, প্ৰাক্তন মিছ গ্ৰেণ্ড ইউক্ৰেইন আনাস্তাছিয়া লেন্নাই (Anastasiia Lenna) নিজৰ মাতৃভূমিৰ বাবে ৰাছিয়াৰ বাহিনীৰ মুখামুখি হোৱাৰ প্ৰতিশ্ৰুতি দিছে আৰু ইউক্ৰেইনৰ সেনাত যোগদান কৰিছে।