বাংলাদেশৰ ব্ৰাহ্মণবাৰীৰ বিজয়নগৰত দুৰ্ঘটনাত পতিত হৈছে যাত্ৰীবাহী এখন নাও। জনা গৈছে যে, ব্ৰাহ্মণবাৰীৰ বিজয় নগৰৰ তিতাচ নদীত সংঘটিত হয় দুৰ্ঘটনাটো। এই পৰ্যন্ত ২১ জন লোকৰ মৃতদেহ উদ্ধাৰ কৰ হৈছে। নাওখনত কমেও ১০০ জন যাত্ৰী আছিল বুলি প্ৰাথমিকভাবে জনা গৈছে।
স্থানীয় সূত্ৰৰ খবৰ অনুসৰি, শুকুৰবাৰে সন্ধিয়া ৬ বজাত বিজয়নগৰৰ চম্পকনগৰ নৌকা ঘাটৰ পৰা যাত্ৰীবাহী এখন ইঞ্জিনচালিত নাও ব্ৰাহ্মণবাৰীৰ জিলাৰ সদৰৰ অভিমুখে গৈছিল। তিতাচ নদীৰ বিজয়নগৰৰ পত্তন ইউনিয়নৰ লইছকা বিলত বালি কঢ়িওৱা এখন ট্ৰলাৰৰ সৈতে মুখামুখি সংঘৰ্ষ হয়।
সেই সময়ত যাত্ৰীবাহী নাওখনৰ পিছফালে আৰু এখন বালিভৰ্তি ট্ৰলাৰ আছিল। সেইখনেও নাওখনত খুন্দা মাৰে। ফলত নদীৰ মাজতে নাওখন ওলটি খাই যায়। নাওখনত আছিল শতাধিক যাত্ৰী। প্ৰথমে স্থানীয় লোকে উদ্ধাৰ অভিযান চলায়। পিছত আৰক্ষী আৰু ফায়াৰ চাৰ্ভিচ ঘটনাস্থলীত উপস্থিত হয়।
ব্ৰাহ্মণবাৰীৰ জিলা প্ৰশাসক হায়াত উদ দৌলা খান ঘটনাস্থলীত উপস্থিত হয়। নিহত পৰিয়ালৰ বাবে আৰ্থিক সাহায্যৰ কথাও ঘোষণা কৰে। জিলা প্ৰশাসকে জনাই যে, নিহত পৰিয়ালসমূহক ২০ হাজাৰকৈ টকা দিয়া হ'ব। ইফালে দুৰ্ঘটনাৰ তদন্তৰ বাবে তিনি জনীয়া কমিটী গঠন কৰি দিয়া হৈছে।