এইখন কাবুলৰ ১৯৬২ চনৰ চিকিৎসা মহাবিদ্যালয়ৰ এখন ছবি, য'ত দুগৰাকী মহিলা ছাত্ৰীয়ে তেওঁলোকৰ শিক্ষকৰ পৰা কিবা বুজিবলৈ চেষ্টা কৰি আছে। তেওঁলোকৰ আত্মবিশ্বাসী ভংগীয়ে দেখুৱাই যে কেনেকৈ তেওঁলোকে সেই দিনবোৰত আফগানিস্তানৰ মূলসুঁতিত প্ৰৱেশ কৰিবলৈ আগ্ৰহী আছিল। '৬০ৰ দশকত আফগানিস্তানৰ বহু সংখ্যক চিকিৎসক আৰু অভিযন্তাই মহাবিদ্যালয়ত পঢ়া–শুনা সমাপ্ত কৰি চৰকাৰী চাকৰিত কাম কৰি আছিল। সেই সময়ত তেওঁলোকে নিজৰ নিজৰ প্ৰতিভাও প্ৰদৰ্শন কৰিবলৈ সমৰ্থ হৈছিল।
'৭০ৰ দশকত কাবুলৰ পলিটেকনিক বিশ্ববিদ্যালয়। এই বিশ্ববিদ্যালয়খনত যথেষ্টসংখ্যক ছোৱালী ছাত্ৰী আছিল। যেতিয়া তালিবানে '৯০ৰ দশকত আফগানিস্তানত শাসন আৰম্ভ কৰিছিল, এই মহিলাসকলে তেওঁলোকৰ কাম এৰি দিব লগা হৈছিল। মহিলাৰ উচ্চ আৰু কাৰিকৰী শিক্ষা নিষিদ্ধ কৰা হৈছিল। এতিয়া আফগানিস্তানৰ বেছিভাগ মহিলা অভিযন্তা আৰু চিকিৎসকে হয় বিদেশলৈ গৈছে বা তেওঁলোকৰ ঘৰত আছে। যোৱা দুটা দশকত এই মহিলাসকলক মূলসুঁতিলৈ ঘূৰাই অনাৰ প্ৰয়াস কৰা হৈছে, কিন্তু এতিয়া তেওঁলোকৰ ভৱিষ্যত অন্ধকাৰ যেন লাগিছে।