২০২০ চনত বিপদে লগ নেৰা হৈছে! এফালে যদি কোৰোণা, আনফালে আমফান! এইবাৰ আন এক বিপদৰ আশংকা মহাকাশ বিজ্ঞানীৰ। এটা বিশাল গ্ৰহাণু দ্ৰুতগতিত আহিব ধৰিছে পৃথিৱীৰ দিশে। সতৰ্কতা জাৰি কৰিলে নাছাই। গ্ৰহাণুৰ আকাৰ লণ্ডনৰ আইতকৈ প্ৰায় ৫০ গুণ ডাঙৰ। কেইদিনমানৰ পিছতেই উল্কাপিণ্ডটো পৃথিৱীৰ কাষেৰে পাৰ হৈ যাব। মাৰ্কিন মহাকাশ বিজ্ঞানীয়ে এই ডাঙৰ উল্কাপিণ্ডটোৰ নাম দিছে - ২০২০ এনডি। আগন্তুক ২৪ জুলাইত ১৭০ মিটাৰৰ উল্কাপিণ্ডটো পৃথিৱীৰ ০.০৪৩ এ ইউ কাষলৈ গুচি আহিব পাৰে। যদিহে গ্ৰহাণুৱে কক্ষপথ সলনি কৰে তেন্তে পৃথিৱীৰ বাবে হ’ব পাৰে ভয়ংকৰ বিপদ।