সুৰাপায়ীৰ বাবে বেয়া খবৰ! যিসকলে কোৰোণাৰ ভেকচিন ল’ব, সেই সকলে কৰিব নোৱাৰিব সুৰাপান। এই সতৰ্কবাণী শুনালে গৱেষকে। এলকোহলে মানুহৰ শৰীৰত ৰোগ প্ৰতিৰোধ ক্ষমতা হ্ৰাস কৰে। ফলত ভেকচিন লোৱাৰ পিছত মদ্যপান কৰিলে, ভেকচিনে শৰীৰত কাম নকৰাৰ সম্ভাৱনা প্ৰৱল। এই কথা জনাইছে মনচেষ্টাৰ বিশ্ববিদ্যালয়ৰ গৱেষণাৰত ইমিউনোলজি বিভাগৰ অধ্যাপক শীনা ক্ৰুইকশ্যাংকই। এলকোহলে মাইক্ৰ’অৰ্গেনিজিমৰ ৰূপ সলনি কৰে। যাৰফলত বেক্টেৰিয়া বা ভাইৰাছৰ সৈতে যুঁজিব পৰা ক্ষমতা হ্ৰাস পায়। ফলত তেজত থকা শ্বেত ৰক্তকণিকাৰ কাৰ্যক্ষমতা নষ্ট হয়। ইমাৰ্জেন্সী মেডিচিন বিশেষজ্ঞ চিকিত্সক ৰনেক্স ইখাৰিয়াই গৱেষণা চলাই তেজৰ নমুনাৰ ওপৰত। যেতিয়া মদ্যপান কৰাৰ আগতে তেওঁ তেজৰ নমুনা সংগ্ৰহ কৰিছিল, তেতিয়া স্পষ্ট পাৰ্থক্য চকুত পৰিছিল। গৱেষণাত স্পষ্ট হৈ পৰিছিল যে, তিনি পেগ বা তিনি গ্লাছ মদ খোৱাৰ পিছত শৰীৰত ৰোগ প্ৰতিৰোধী শ্বেত ৰক্তকণিকাৰ পৰিমাণ হ্ৰাস পাবলৈ আৰম্ভ কৰে। ৫০ শতাংশৰ তললৈ নামি যায় ইয়াৰ পৰিমাণ। যি শৰীৰৰ বাবে বিপদজনক। ইমিউনোলজিৰ অধ্যাপক শীনা ক্ৰুইকশ্যাংকই জনাইছে যে, ‘শৰীৰত শ্বেত ৰক্তকণিকাৰ পৰিমাণ হ্ৰাস পালে ৰোগ প্ৰতিৰোধ ক্ষমতা হ্ৰাস পাবলৈ ধৰে। গতিকে ভেকচিন লোৱাৰ সময়ত বা পিছত মদ্যপান কৰাৰ পৰা বিৰত থাকিবলৈ বাৰে বাৰে আহ্বান জনালে বিশেষজ্ঞই।