কাবুলৰ এই ঘৰটোত আমেৰিকাৰ ড্ৰ’ন আক্ৰমণত নিহত হৈছিল জাৱাহিৰি। সন্ত্ৰাসবাদী সংগঠনটোত যোগদান কৰা জৱাহিৰিয়ে কায়ৰোৰ এটা ধনী পৰিয়ালত ডাঙৰ-দীঘল হৈছিল। কম বয়সতে তেওঁ ইজিপ্তৰ উগ্ৰ ইছলামিক সম্প্ৰদায়ত যোগদান কৰিছিল আৰু ১৫ বছৰ বয়সতে অবৈধ মুছলিম ব্ৰাদাৰহুডত যোগদান কৰাৰ অভিযোগত গ্ৰেপ্তাৰ হৈছিল। সন্ত্ৰাসবাদৰ অপৰাধত ইজিপ্তত তিনি বছৰ কাৰাবাস খাটিছিল।
জৱাহিৰিক বিন লাডেনৰ দৰে ৯/১১ আক্ৰমণৰ পুনৰাবৃত্তি কৰিবলৈ সক্ষম বুলি গণ্য কৰা হোৱা নাছিল। তথাপি তেওঁ আমেৰিকাৰ বাবেও সমানেই বিপদজনক আছিল। তালিবানে আফগানিস্তান দখল কৰাৰ ফলত আল কায়দাৰ এক শক্তিশালী ভৱিষ্যতৰ আশাৰ সঞ্চাৰ হ’ল৷ জুলাই মাহত ৰাষ্ট্ৰসংঘৰ এক প্ৰতিবেদনত কোৱা হৈছিল যে শেহতীয়াকৈ জৱাহিৰিয়ে তালিবান প্ৰশাসনত অনুপ্ৰৱেশ কৰাৰ ক্ষমতা প্ৰদৰ্শন কৰিছে।