নজৰ মহম্মদৰ জীৱনৰ অন্তিমটো কৌতুক ইণ্টাৰনেটত ভাইৰেল হৈ পৰিছে। ভিডিঅ'টোত দেখা গৈছে যে নজৰৰ হাত বন্ধা আছে আৰু তালিবান কেডাৰে তেওঁক ঘেৰি আছে। এনে সময়ত সাধাৰণ লোক ভয়ত বিতত হৈ পৰে। কিন্তু নজৰৰ দৰে লোকে মৃত্যুৰ সৈতে যাত্ৰা কৰি থকাৰ এনে সময়তো কৌতুক শুনাব পাৰে। নজৰ মহম্মদৰ এই জীৱন পীপাসা দেখি অন্তৰ উঠলি উঠিছে বিশ্ববাসীৰ।