ভয়াৱহ বিস্ফোৰণত কঁপি উঠিল পাকিস্তান। peshawarৰ এখন মাদ্ৰাছাত সংঘটিত হ’ল বিস্ফোৰণৰ ঘটনা। বিস্ফোৰণৰ ফলত থিতাতে নিহত হৈছে প্ৰায় ৭ জন লোক। আহত হৈছে কমেও ৭০ জন লোক। বৰ্তমানো চলা আছে উদ্ধাৰ অভিযান।
2/ 7
পাঠদান চলি থকাৰ মাজতে সংঘটিত হয় বিস্ফোৰণৰ ঘটনা। নিহত আৰু আহতৰ তালিকাত আছে ছাত্ৰৰ লগতে শিক্ষক। আহত সকলক ইতিমধ্যে লেডি ৰিডিং হাস্পতালত ভৰ্তি কৰোৱা হৈছে। আহত শিশুসকলৰ বিহুকেইজনৰ অৱস্থা সংকটজনক। মৃত্যুৰ সংখ্যা বৃদ্ধি পোৱাৰ সম্ভাৱনা আছে।
3/ 7
হাস্পতালৰ কৰ্তৃপক্ষই জনোৱা মতে, বিস্ফোেৰণৰ ফলত আহত হোৱা বহু শিশুৰ শৰীৰৰ প্ৰায় ৮০ শতাংশ অগ্নিদগ্ধ হৈছে। জানিব পৰা মতে, মৃত্যুৰ তালিকাত আছে চাৰিটাকৈ শিশু।
4/ 7
খবৰ অনুসৰি, পাঠদান চলি থকাৰ মাজতে সংঘটিত হয় বিস্ফোৰণ কাণ্ড। বিস্ফোৰক ভৰ্তি এটা বেগ মাদ্ৰাছাৰ ভিতৰত ৰখা হৈছিল। বিস্ফোৰণ ঘটনাৰ আঁৰত কোন জড়িত সেয়া এতিয়াও নিশ্চিত হোৱা নাই।