১. গেছ চিলিণ্ডাৰৰ বুকিঙৰ বাবে দিব লাগিব অ’টিপি। ১ নৱেম্বৰ অৰ্থাৎ আজিৰে পৰা এলপিজি গেছ চিলিণ্ডাৰৰ ডেলিভাৰীৰ সম্পূৰ্ণ পদ্ধতি সলনি হ’ব। গেছ বুকিঙৰ পিছত এইবাৰ গ্ৰাহকৰ ম’বাইললৈ অ’টিপি পঠোৱা হ’ব। চিলিণ্ডাৰ ডেলিভাৰীৰ বাবে আহিলে গ্ৰাহকে অ’টিপি দিব লাগিব ডেলিভাৰী বয়ক। ছিষ্টেম কোড মিলিলেহে গ্ৰাহকক চিলিণ্ডাৰ দিয়া হ’ব।
২. নতুন পদ্ধতিত গেছ চিলিণ্ডাৰ পাবলৈ আপডেট কৰি লওক আপোনাৰ মোবাইল নম্বৰ। মোবাইল নম্বৰ আৰু ঠিকনা ভুল থকা গ্ৰাহকৰ বাবে চিলিণ্ডাৰ পোৱাটো কঠিন হ’ব। সেয়েহে অইল কোম্পানীৰ ফালৰ পৰা সকলো গ্ৰাহকক নিজৰ নাম, ফোন নম্বৰ আৰু ঠিকনা আপডেট কৰি লোৱাৰ পৰামৰ্শ দিয়া হৈছে। কমাৰ্চিয়েল এলপিজি চিলিণ্ডাৰৰ ক্ষেত্ৰত এই নিয়ম প্ৰযোজ্য নহ’ব।
৩. Indane গেছ সলনি কৰিছে বুকি নম্বৰ। আপুনি যদি ইণ্ডেন গ্ৰাহক তেন্তে আজিৰে পৰা পুৰণি নম্বৰত গেছ বুকি নহ’ব। ইণ্ডেনে তেওঁলোকৰ এলপিজি গ্ৰাহকসকলৰ বাবে ৰেজিষ্টাৰ্ড মোবাইল নম্বৰত গেছ বুকিং কৰাৰ বাবে নতুন নম্বৰ প্ৰেৰণ কৰিছে। নতুন নম্বৰত গেছ ৰিফিলৰ বাবে চিলিণ্ডাৰ বুকিং কৰিব পাৰে। ইণ্ডিয়ান অইলৰ ফালৰ পৰা জনোৱা হৈছে যে পূৰ্বে পৃথক পৃথক চাৰ্কলৰ বাবে বেলেগ আছিল গেছ বুকিঙৰ নম্বৰ। এতিয়া সমগ্ৰ দেশৰ সকলো চাৰ্কলৰ বাবে এটাই নম্বৰ জাৰি কৰাহৈছে। অৰ্থাৎ দেশৰ সকলো ইণ্ডেন গ্ৰাহকে গেছ বুকিঙৰ বাবে 7718955555 কল বা এছএমএছ প্ৰেৰণ কৰিব পাৰে।