ভ্ৰমণ কৰি ভাল নোপোৱা মানুহ খুব কম। কিছুমানে কয় যে "এদিন ছুটী পালেও ভ্ৰমণলৈ যাওঁ"। বহুতে য’ত আছে তাতেই আবদ্ধ হৈ থকাতকৈ নিজৰ ঘৰৰ বাহিৰৰ পৃথিৱীখন, বিভিন্ন সংস্কৃতি আৰু মানুহৰ জীৱন-ধাৰণৰ পদ্ধতিৰ বিষয়ে চাব বিচাৰে। কেইবাটাও গৱেষণাৰ পৰা দেখা গৈছে যে Covid-19ৰ পিছত মানুহৰ ভ্ৰমণলৈ যোৱাৰ ইচ্ছাৰ পৰিৱৰ্তন ঘটিছে।
বিদেশলৈ যাত্ৰা কৰিলে মানৱতাৰ বিষয়ে বহল অন্তৰ্দৃষ্টি আৰু বুজাবুজি পোৱা যায়। ই জীৱন সলনি কৰিব পাৰে। পৃথিৱীখন সদায় সলনি হৈ থাকে। কিছুমান ঠাই বৰ আচৰিত যদিও বিশেষ পৰিস্থিতিৰ বাবে আমি তালৈ যাব নোৱাৰো। তালৈ গ’লেও আমি যিমান বিচাৰো ট্যুৰ কৰিব নোৱাৰো। এতিয়া চাওঁ আহক পৃথিৱীৰ ভ্ৰমণ কৰিবলৈ ভয়ংকৰ ১০খন চহৰ।
আলেপ্পো, ছিৰিয়াঃ আলেপ্পো এসময়ত ছিৰিয়াৰ সৰ্ববৃহৎ চহৰ আৰু প্ৰাচীন ইতিহাস, কলা, সংস্কৃতি, ক্ৰীড়া আৰু শিক্ষাৰ কেন্দ্ৰ আছিল। ২০১১ চনৰ পৰা আৰম্ভ হোৱা ছিৰিয়াৰ গৃহযুদ্ধৰ সন্মুখৰ লাইনত আছে এই চহৰখন। বহু বছৰ ধৰি চহৰখনৰ কিছু অংশ ঘেৰাও কৰি আছিল। গৃহযুদ্ধৰ বাবে মহানগৰীৰ বহু ঘৰ বোমা বিস্ফোৰণকে ধৰি কেইবাটাও আক্ৰমণত ধ্বংস হয়। কিন্তু এতিয়া চহৰখন সুস্থ হৈ উঠিছে, খালী কৰা জনসংখ্যাৰ কিছুমানে নিজৰ জীৱন পুনৰ নিৰ্মাণ কৰিবলৈ উভতি আহিছে। অৱশ্যে ছিৰিয়া এতিয়াও যুদ্ধক্ষেত্ৰ। এই চহৰখন বিদেশীৰ বাবে নিৰাপদ নহয়।(Image credit:global.handelsblatt.com)

কাবুল, আফগানিস্তানঃ আফগানিস্তানৰ ৰাজধানী চহৰ কাবুল সম্ভৱতঃ বিশ্বৰ আটাইতকৈ উচ্চ ৰাজধানী। আচলতে এই চহৰখন বৰ ধুনীয়া। এটা সময়ত ইয়াৰ বজাৰ, ৰাজপ্ৰসাদ আৰু বাগিচাবোৰ আছিল ভয়ংকৰ। কিন্তু যিহেতু আফগানিস্তান তালিবানৰ হাতত পৰিল, সেয়েহে এতিয়া বিশেষকৈ বিদেশী ভ্ৰমণকাৰীৰ বাবে চহৰখন অতি বিপদজনক। মহানগৰীত নিয়মিতভাৱে সংঘটিত হয় বোমা বিস্ফোৰণ, আক্ৰমণ আৰু অপহৰণ।(Image credit : Wikipedia)

জুবা, দক্ষিণ চুডানঃ আফ্ৰিকাৰ দেশ দক্ষিণ চুডান জীৱ-জন্তুৰ প্ৰব্ৰজনৰ আচৰিত স্থান হোৱাৰ পিছতো ২০১৩ চনৰ পৰা যুদ্ধৰ অৱস্থা। দক্ষিণ চুডানৰ ৰাজধানী চহৰ জুবাত চলি থকা সশস্ত্ৰ সংঘাত আৰু হিংসাত্মক পৰিস্থিতিৰ বাবে যাতায়ত কৰাটো অসুৰক্ষিত। বৰ্তমান দক্ষিণ চুডানত থকা বিদেশীসকলক অতি সোনকালে যাত্ৰা কৰিবলৈ পৰামৰ্শ দিয়া হৈছে।(Image credit:Wikipedia)

য়েমেনৰ ছানাঃ য়েমেনৰ ৰাজধানী চহৰ ছানাত দেশখনৰ চাৰিটা বিশ্ব ঐতিহ্য ক্ষেত্ৰৰ ভিতৰত অন্যতম। য়েমেনৰ ছানা বা স্জানাৰ ৰাজনৈতিক পৰিস্থিতি বৰ্তমান অতি অস্থিৰ। ২০১৫ চনত ছানাৰ পুৰণি চহৰখনত বোমা বিস্ফোৰণ ঘটিছিল। বিদেশীয়ে এই চহৰখন ভ্ৰমণ কৰাটো ভাল নহয়। সন্ত্ৰাসবাদী কাৰ্যকলাপ আৰু অপহৰণৰ বলি হোৱাৰ আশংকা অতি বেছি।

কিনছাছা (কিনছাছা), কংগো গণতান্ত্ৰিক গণৰাজ্য: কিনছাছা.. এখন বৃহৎ বিস্তৃত ৰাজধানী চহৰ। কংগো গণতান্ত্ৰিক ৰিপাব্লিক (ডি আৰ চি)ৰ পৰিৱৰ্তন আৰু সংঘাতৰ ৰাজনৈতিক ইতিহাস দীৰ্ঘদিনীয়া। তীৰ্থযাত্ৰীসকলে বিৰুংগা পৰ্বতৰ পূব সীমান্তত ট্ৰেকিং কৰি গৰিলাবোৰ চাবলৈ গৈছিল। তেনে কৰাটো এতিয়া নিৰাপদ নহয়।(Image credit:www.un.org)

উত্তৰ কোৰিয়াৰ পিয়ংইয়াংঃ উত্তৰ কোৰিয়াৰ ৰাজধানী পিয়ংইয়াংলৈ যোৱাটো ভাল নহয়। শেহতীয়াকৈ ৰাজনৈতিক মিলনৰ দিশত পদক্ষেপ লোৱাৰ পাছতো কিম জং উনৰ প্ৰশাসনৰ অধীনত দেশখনক এতিয়াও উচ্চ বিপদজনক বুলি গণ্য কৰা হয়। বিদেশীসকলে ইয়ালৈ যাত্ৰা কৰাত বাধাৰ সন্মুখীন হয়, আৰু স্থানীয় ৰীতি-নীতি অজানিতে উলংঘা কৰাৰ শাস্তি কঠোৰ।
কাৰাকাছ, ভেনিজুৱেলাঃ ভেনিজুৱেলাৰ ৰাজধানী কাৰাকাছত বিগত কেইবছৰমানৰ পৰা স্বতঃস্ফূৰ্ত আৰু হিংসাত্মক প্ৰতিবাদৰ সৃষ্টি হৈছে। ইয়াৰ উপৰিও লেটিন আমেৰিকা আৰু কেৰিবিয়ানৰ উপকূলত ইয়াৰ হত্যাৰ হাৰ সৰ্বাধিক বুলি কোৱা হয়। আন বহু দেশে ভেনিজুৱেলালৈ বেছিভাগ অপ্ৰয়োজনীয় ভ্ৰমণক নিৰুৎসাহিত কৰে। বিশেষকৈ কলম্বিয়াৰ সীমান্তৰ ড্ৰাগছ সৰবৰাহৰ অঞ্চলৰ ওচৰত।(Image credit:Wikipedia)