হলিউডৰ বিখ্যাত অভিনেত্ৰী মেৰিলিন মনৰো (Marilyn Monroe)ৱে বিশ্বাস কৰিছিল যে নিশা ব্ৰা পিন্ধি শুলে স্তনৰ সৌন্দৰ্য অক্ষুণ্ণ থাকে। গতিকে তেওঁ প্ৰতিনিশা ব্ৰা পিন্ধি শুইছিল। কিন্তু ব্ৰা পিন্ধাৰ বিষয়ে বিভিন্ন মতামত আছে। বহুলোকে দাবী কৰে যে ব্ৰা পিন্ধি শুই থকাৰ বহুতো ক্ষতিকাৰক দিশ আছে। টোপনিৰ ব্যাঘাত হ'ব পাৰে, দীঘলীয়া সময়ৰ বাবে ব্ৰা পিন্ধিলে শৰীৰত দাগ হ'ব পাৰে, খজুৱতিৰ সমস্যা হ'ব পাৰে। ই আনকি কৰ্কট ৰোগৰ কাৰণো হ'ব পাৰে।
তেন্তে আপুনি ৰাতি ব্ৰা পিন্ধি শুব নালাগে নেকি?<br /> এইটো এটা সম্পূৰ্ণ ব্যক্তিগত সিদ্ধান্ত। বহুমহিলাই সকলো সময়তে ব্ৰা পিন্ধি থাকিবলৈ ভাল পায় আৰু বহুতেই ঘৰ পায়েই ব্ৰাটো খুলিবলৈ পালেই যেন ৰক্ষা পৰে! যিয়ে যি ভাল পায়। অৱশ্যে, যিসকলৰ স্তন ডাঙৰ, তেওঁলোকে নিশা ব্ৰা পিন্ধি শুই উপকৃত হ'ব। টোপনিত বাগৰ সলালেও কোনো সমস্যা নহ'ব আৰু বেয়াকৈ শুলেও স্তনত বিষ হোৱাৰ আশংকা কম হ'ব।
এই ক্ষেত্ৰত, বিশেষজ্ঞসকলৰ মতে, নিশা শুই থাকোঁতে পুছ-আপ ব্ৰা নাইবা টাইট ব্ৰা পিন্ধি শুব নালাগে। তাতকৈ পাতল কপাহৰ পাতল ব্ৰা পিন্ধি শুই থকাটো ভাল আৰু আৰামদায়ক। ৰাতি ব্ৰা পিন্ধাৰ পিছত কোনো সমস্যা আছে নেকি চাবলৈ আপোনাৰ হাত দাঙি চাব পাৰে। যদি আপুনি আৰামদায়ক অনুভৱ কৰে তেন্তে ব্ৰা পিন্ধি শুব, যদি আৰামদায়ক অনুভৱ নহয় তেন্তে শৰীৰত ৰক্ত সঞ্চালনত সমস্যা হ'ব পাৰে।