<strong>ডায়েবেটিছ :</strong> তেজপাতৰ পুষ্টিগুণে শৰীৰত চেনিৰ মাত্ৰা নিয়ন্ত্ৰণ কৰে। সমীক্ষাত দেখা গৈছে, টাইপ২ ডায়েবেটিছত আক্ৰান্ত লোকসকলৰ ৬ মাহৰো অধিক সময় ধৰি ডায়েটত তেজপাত যুক্ত কৰাৰ ফলত তেওঁলোকৰ শৰীৰত গ্লুক’জৰ মাত্ৰা কম আছিল। তাৰ লগতে এয়াও দেখা গৈছে যে কলেষ্টেৰলৰ মাত্ৰাও উল্লেখযোগ্যভাৱে বাঢ়িছে। ইয়াৰ কাৰণ হ’ল তেজপাত প্ৰাকৃতিকভাৱে পলিফেনল নামেৰে পৰিচয় সক্ৰিয় যৌগৰ দ্বাৰা পৰিপূৰ্ণ, যিয়ে গ্লুক’জৰ মাত্ৰা নিয়ন্ত্ৰণ কৰে। যদি ইতিমধ্যে ছুগাৰৰ ঔষধ খাইছে তেন্তে ডায়েটত তেজপাত যোগ কৰিলে ফল দিব পাৰে।
<strong>টনচিলৰ সমস্যা :</strong> যিসকলৰ টনচিলৰ সমস্যা আছে তেওঁলোকে তেজপাত নোখোৱাই ভাল। কাৰণ এই পাত সহজে চোবোৱা নাযায় আৰু ই ডিঙিত জ্বলন সৃষ্টি কৰিব পাৰে। যিসকলৰ টনচিলৰ সমস্যা আছে তেওঁলোকৰ আঞ্জাত তেজপাত দিলে সেয়া পৰিৱেশনৰ পূৰ্বে উঠাই থওক। গৰ্ভাৱস্থাত তেজপাত খাবলৈ নিষেধ কৰা হয়। কাৰণ এই পাতে শৰীৰক উষ্ণ কৰে। এই উষ্ণতা মাতৃ আৰু শিশুৰ বাবে ভাল নহয়। ইয়াৰ ফলত নানা ধৰণৰ অসুবিধা হ’ব পাৰে। ইয়াৰ উপৰি গৰ্ভাৱস্থাত তেজপাত খালে পেটৰ ৰোগ, ঘন ঘন প্ৰস্ৰাৱ, ডায়েৰিয়া আদি সমস্যা হ’ব পাৰে।