বিগত মাহত Vivo X60 series, Realme X7, আৰু OnePlus 9 series ৰ পিছত এপ্ৰিলত ভাৰতীয় বজাৰলৈ আহিব আন কেইবাটাও আকৰ্ষণীয় ফোন। Xiaomi, Realme, Oppo, আৰু Samsungএ জনাইছে তেওঁলোকৰ পৰিকল্পনা। এই মাহৰ শেষৰফালে আহিব Mi 11 Ultra। Mi 11 Ultra ভাৰতলৈ আহিব ২৩ এপ্ৰিলত। ইয়াত থাকিব Snapdragon 888 processor, 50-megapixel ত্ৰিপল কেমেৰা। Oppoএ F19 ছিৰিজ ৬ এপ্ৰিলৰ পিছত মুকলি কৰি দিব। ইয়াত থাকিব 5000 mAH বেটাৰী, ত্ৰিপল ৰিয়াৰ কেমেৰা, ৬.৪৩ ইঞ্চি সম্পূৰ্ণ HD + AMOLED ডিছপ্লে। Samsung Galaxy F02s আৰু Samsung Galaxy F12 ৫ এপ্ৰিলত ভাৰতীয় বজাৰত ভূমুকি মাৰিব। ইয়াৰে Galaxy F12 মডেলটো প্ৰিমিয়াম মডেল ফোন হিচাপে মুকলি কৰিৱ বুলি জানিব পৰা গৈছে। Realme C20, Realme C21, আৰু Realme C25 ভাৰতলৈ আহিব ৮ এপ্ৰিলত। ইয়াৰ ডিছপ্লে নটছ পানীৰ টোপাল সদৃশ ডিজাইন হব বুলি জানিব পৰা গৈছে। Realme C25ৰ বেটাৰী ৬০০০ mAH আৰু Realme C21, Realme C20ৰ বেটাৰী ৫০০০ mAH ৰ থাকিব।