হোৱাটছএপৰ এই নতুন সুবিধাটোৱে তেওঁলোকক যথেষ্ট উপকৃত কৰিব যিসকলে অনলাইন হৈ থাকোতে আন এজন ব্যৱহাৰকাৰীয়ে তেওঁক মেচেজ কৰি হাৰাশাস্তি কৰিব নোৱাৰে। দৰাচলতে, অনলাইনত প্ৰদৰ্শিত হোৱাৰ বাবে, আপুনি নিবিচাৰিলেও বহুবাৰ আপুনি বাৰ্তাৰ উত্তৰ আন ব্যৱহাৰকাৰীক দিব লগা হয়। কিন্তু এই সুবিধাৰ সহায়ত, আপুনি সিদ্ধান্ত ল'ব পাৰে কোনে আপোনাৰ অনলাইন স্থিতি চাব পাৰে। এই সুবিধাটো সক্ৰিয় কৰিবলৈ, আপুনি কিছুমান পদক্ষেপ অনুসৰণ কৰিব লাগিব। প্ৰথমে হোৱাটছএপ খোলক আৰু তাৰ পিছতMore Option ত ক্লিক কৰক ... More Option ত গৈ প্ৰাইভেচী অপচনত ক্লিক কৰক । ইয়াৰ পিছত Last seen and Online option ত টেপ কৰক ইয়াৰ পিছত আপুনি Contact Except ৰ বিকল্প পাব আৰু আপুনি বিচৰা ধৰনে ষ্টেটছ প্ৰাইভেচী ছেটিংছ চিলেক্ট কৰিব পাৰিব । ইয়াৰ পিছত done ত টেপ কৰিব লাগিব.