ফ্লিপকাৰ্ট ব্লেক ফ্ৰাইডে চেলত লাইভ হৈছে এক বিশেষ চুক্তি, য’ত Samsung Galaxy A73ত বাম্পাৰ ডিছকাউণ্ট দিয়া হৈছে। ইয়াত ৪৭,৪৯০ টকাৰ এটা স্মাৰ্টফোন মাত্ৰ ১৯,৪৯৯ টকাতে কিনিব পাৰিব। ৮জিবি ৰেম আৰু ১২৮জিবি ষ্ট’ৰেজৰ সৈতে ২০২২ চনৰ Samsung Galaxy A73 স্মাৰ্টফোনৰ খুচুৰা মূল্য ৪৭৪৯০ টকা। কিন্তু ই-কমাৰ্চ ৱেবছাইটত দিয়া এই অফাৰৰ অধীনত ১১ শতাংশ ফ্লেট ৰেহাই লাভ কৰিব পাৰিব, অৰ্থাৎ ৫৪৯১ টকা ৰেহাই পাব। বেংক অফাৰৰ জৰিয়তেও অতিৰিক্ত ৰেহাই লাভ কৰিব পাৰিব। এইচ ডি এফ চি বেংকৰ ক্ৰেডিট কাৰ্ড আৰু ডেবিট কাৰ্ডত অতিৰিক্ত ২০০০ টকা ৰেহাই পাব। যদি আপুনি অধিক ৰেহাই বিচাৰে তেন্তে আপুনি এক্সচেঞ্জ ডিলৰ জৰিয়তে ছেমছাং এ-ছিৰিজৰ স্মাৰ্টফোনত ২০,৫০০ ৰেহাই পাব পাৰে। যদি আপোনাৰ হাতত ট্ৰেড-ইন কৰিবলৈ এটা পুৰণি স্মাৰ্টফোন আছে, তেন্তে Samsung Galaxy A73 ৫জিৰ মূল্য বহু কম হ’ব পাৰে। বেংক অফাৰ, ডিছকাউন্ট আৰু ফোন এক্সচেঞ্জৰ দৰে সুন্দৰ ডিলৰ সৈতে আপুনি ১৯৪৯৯ টকাত লাভ কৰিব পাৰিব ছেমছাং গেলেক্সি এ৭৩ ৫জি ফোন। স্মাৰ্টফোনটোত স্নেপড্ৰেগন ৭৭৮জি চিপছেট, দীঘলীয়া বেটাৰী লাইফ আৰু ১০৮এমপি ৰিয়াৰ কেমেৰাৰ সৈতে ১২এমপি + ৫এমপি + ৫এমপি ছেকেণ্ডাৰী কেমেৰা আছে।