২০২৩ৰ ছুজুকী আৰ্টিগা গাড়ীখন সম্প্ৰতি ফিলিপাইন ইণ্টাৰনেচনেল মটৰ শ্ব’ত প্ৰদৰ্শন কৰা হৈছে। ষ্টাইলৰ ফালৰ পৰা দেখিবলৈ নতুন মডেলৰ গাড়ীখন বহু পৰিমাণে এমপিবি ভাৰত–স্পেকৰ মডেলৰ দৰেই। কিন্তু ইয়াৰ মাজত সৰু সৰু কিছুমান পৰিৱৰ্তন কৰা হৈছে। নতুন মডেলৰ এই গাড়ীখনত লেফ্ট হেণ্ড ড্ৰাইফ ছেটআপ, এটা বিকল্প বডী কিট আৰু নতুন এলয় হুইল ব্যৱহাৰ কৰা হৈছে।
ভাৰত–স্পেক মাৰুতি ছুজুকী আৰ্টিগা গাড়ীত কে১৫চিৰ ১.৫ লিটাৰৰ নেচাৰেল এষ্টিমেডেট পেট্ৰ’ল ব্যৱহাৰ কৰা হয়। কিন্তু ২০২৩ ছুজুকী আৰ্টিগা গাড়ীত পুৰণি কে১৫বি মটৰ ব্যৱহাৰ কৰা হৈছে। ভাৰত–স্পেক মাৰুতী ছুজুকী আৰ্টিগা গাড়ী আৰু ২০২৩ ছুজুকী আৰ্টিগা গাড়ীত বেছ কিছু সালসলনি আছে। ইয়াৰ উপৰি ২০২৩ ছুজুকী আৰ্টিগা গাড়ীত কিছু নতুন ফিচাৰ ব্যৱহাৰ কৰা হৈছে।
২০২৩ ছুকুৰী আৰ্টিগা গাড়ীত ৫ স্পীড মেনুৱেল গিয়েৰবক্স পেডেল ছিফটাৰৰ সৈতে ৬ স্পীড টৰ্ক কনভাৰ্টাৰ অটোমেটিক ট্ৰান্সমিচন ব্যৱহাৰ কৰা হৈছে। বৰ্তমান ভাৰতত মাৰুতী ছুজুকী আৰ্টিগা গাড়ীৰ দাম ৮.৪১ লাখ টকাৰ পৰা আৰম্ভ হৈ ১২.৭৯ লাখ টকাৰ ভিতৰত। কিন্তি ২০২৩ ছুজুকী আৰ্টিগা গাড়ীৰ দাম কিমান হ’ব সেই বিষয়ে এতিয়াও জানিব পৰা হোৱা নাই। কোম্পানীৰ ফালৰ পৰা ২০২৩ ছুজুকী আৰ্টিগা গাড়ীৰ মডেলখন কেৱল প্ৰদৰ্শন কৰা হৈছে। ইয়াৰ উপৰি জানিব পৰা মতে, ২০২৩ ছুজুকী আৰ্টিগা গাড়ী ভাৰততে তৈয়াৰ কৰি বিদেশৰ বজাৰলৈ ৰপ্তানি কৰা হ’ব।