Realme Narzo 30A এটা বাজেট 4G স্মাৰ্টফোন। ইয়াত 6000 এমএএইচৰ ডাঙৰ বেটেৰী আছে যিটো এবাৰ চাৰ্জ কৰিলে প্ৰায় দুদিন যায়। Narzo 30Aত 6.5- ইন্সিৰ 720p LCD আছে য’ত 269 PPI ৰিজলিউচন্স, 60Hz ৰিফ্ৰেচ ৰেট আৰু চাৰিওফালে মোটা বেজেল্স আছে। ইউএচবি চি পোৰ্ট আৰু মাইক্ৰ’ফোনৰ বাহিৰে তলৰ ফালে 3.5 এমএমৰ হেডফোন জেকো আছে। Realme Narzo 30Aত পিছৰফালে দুটা কেমেৰা আছে, এটা ১৩ মেগাপিক্সেল প্ৰাইমেৰী চেন্সৰ আৰু এটা ব্লেক এণ্ড হোৱাইট চেন্সৰ।
কমদামী ফোনৰ ভিতৰত মট’ৰেলাৰ লেটেষ্ট ফোন Moto E7 Plusটো 9,499 টকাত লন্স কৰা হৈছিল। Moto E7ত ৬.৫ ইন্সিৰ ডাঙৰ স্ক্ৰীন আছে। ৰিয়েৰ পেনেলত এটা স্কোৱাৰ শ্বেপ কেমেৰা আইলেণ্ড আছে য’ত দুটা কেমেৰা চেন্সৰ আৰু এটা এলইডি লাইট হোষ্ট কৰে। প্ৰাইমেৰী কেমেৰা 48 মেগাপিক্সেলৰ হয়। আনহাতে ২ মেগাপিক্সেলৰ ডেপথ চেন্সৰ আছে। E7 Plus কোৱালকাম স্নেপড্ৰেগন 460 SoCৰ দ্বাৰা সঞ্চালিত হয় আৰু লগতে 4GB RAM আছে।
Realme C21Y ত 6.5 ইন্সিৰ HD+ ডিচপ্লে আছে, C21Y এটা অক্টা ক’ৰ CPUৰ সৈতে Unisoc T610 SoC দ্বাৰা সঞ্চালিত আৰু এইটো 4GB ৰেম আৰু 64GBষ্টৰেজৰ সৈতে সংলগ্ন। Realme C21Yত পিছফালে 13MP প্ৰাইমেৰী কেমেৰা, 2MP মেক্ৰ’ কেমেৰা আৰু 2MP ডেপথ চেন্সৰৰ সৈতে ট্ৰিপল কেমেৰা আছে। লগতে 5MPৰ ছেলফি কেমেৰাও আছে। 5,000mAhৰ বেটাৰী আছে যিটোৱে ৰিভাৰ্চ চাৰ্জিং চাপ’ৰ্ট কৰে। Realme C21Yৰ মূল্য 9,999 টকা।