Kia Indiaই শীঘ্ৰে ভাৰতত তেওঁলোকৰ প্ৰথম বৈদ্যুতিক বাহন Kia EV6 মুকলিৰ কথা ঘোষণা কৰিছে। কিয়া ইণ্ডিয়াৰ ভাইচ প্ৰেচিডেণ্ট আৰু হেড অব ছেলছ এণ্ড মাৰ্কেটিং হৰদীপ সিং ব্ৰাৰে জনাইছে যে তেওঁলোকে গ্ৰাহকৰ বাবে আটাইতকৈ উন্নতমানৰ গাড়ী লৈ আহিব। তেওঁ জনায় যে EV6ৰে ভাৰতত বৈদ্যুতিক গাড়ীৰ জগতত প্ৰৱেশ কৰিব এই আন্তৰ্জাতিক প্ৰতিষ্ঠানটোৱে।
Kia EV6ত পেনোৰামিক কাৰ্ভড ডিছপ্লে পেনেল আছে। EV6ৰ বুট স্পেচ হ’ল ৫২০ লিটাৰ (VDA ষ্টেণ্ডাৰ্ড) আৰু পিছফালৰ আসন ঘূৰাই দিলে ১৩০০ লিটাৰ পৰ্যন্ত বঢ়াব পাৰি। ইয়াত অগমেণ্টেড ৰিয়েলিটি হেড আপ ডিছপ্লে, ৩৬০ ডিগ্ৰী কেমেৰা, ৰিমোট কন্ট্ৰোল পাৰ্কিঙৰ লগতে লেন ফলো এছিষ্ট, হাইৱে’ ড্ৰাইভিং এছিষ্টসহ নিৰাপত্তা বৈশিষ্ট্যসমূহৰ ওপৰত জোৰ দিয়া হৈছে।
অল ইলেকট্ৰিক Kia EV6 দুটা ভিন্ন বেটাৰী পেক বিকল্পৰ সৈতে বিশ্বজুৰি অফাৰ কৰা হৈছে। এটা 58 kWh ইউনিট আৰু এটা ডাঙৰ 77.4 kWh বেটাৰী পেক উপলব্ধ হ’ব। প্ৰতিষ্ঠানটোৰ দাবী, এবাৰ চাৰ্জ কৰিলে প্ৰায় ৫০০ কিলোমিটাৰ পৰ্যন্ত চলিব এই গাড়ীখন। ডিচি আলট্ৰাফাষ্ট চাৰ্জাৰ ব্যৱহাৰ কৰি ইয়াক মাত্ৰ ১৮ মিনিটত ৩৫০ কিলোৱাট পৰ্যন্ত আৰু ৭৩ মিনিটত ৫০ কিলোৱাট পৰ্যন্ত অৰ্থাৎ ১০ৰ পৰা ৮০ শতাংশ পৰ্যন্ত চাৰ্জ কৰিব পাৰি।