ব্লুটুথ হ’ল ম’বাইল, কম্পিউটাৰ আৰু অন্যান্য ইলেকট্ৰনিক ডিভাইচৰ স্বল্প–পৰিসৰৰ মাজত সংযোগৰ এক প্ৰযুক্তি। সমগ্ৰ বিশ্বৰ অধিকসংখ্যক ম’বাইল ফোন ব্যৱহাৰকাৰীয়ে এই কথা জানে। এয়া এনে এক প্ৰযুক্তি যিয়ে লাখ লাখ মানুহক অলপ দূৰত্বৰ ডিভাইচসমূহৰ মাজত দ্ৰুত ডিজিটেল ডাটা স্থানান্তৰ কৰাত আৰু মাত্ৰ কেইটামান ছেকেণ্ডৰ ভিতৰতে আন ডিভাইচৰ সৈতে সংযোগ কৰিবলৈ সক্ষম কৰিছে।
নামটো আচলতে সংক্ষিপ্ত ৰূপ নহয়। এয়া আচলতে ৰাজা হেৰল্ড ‘‘ব্লুটুথ’’ গোৰ্মছনৰ এক সহস্ৰাব্দৰো অধিক সময় আগৰ এটা প্ৰতীক। প্ৰযুক্তিটোৰ সৈতে ইয়াৰ কোনো যোগ নাই। ৯৫৮ চনত ডেনমাৰ্ক আৰু নৰৱেক ঐক্যবদ্ধ কৰাৰ বাবে সুপৰিচিত আছিল তেওঁ। তেওঁৰ মৃত্যুৰ পিছত তেওঁৰ দাঁত নীলা ৰঙত পৰিণত হৈছিল, তেতিয়াৰে পৰা ব্লুটুথ শব্দৰ উৎপত্তি।