২০২১ বৰ্ষ শেষ হ’বলৈ আৰু মাজত কেইটামান দিন। বছৰৰ এই অন্তিম মুহূৰ্তত উভতি চাওঁ আহক ২০২১ বৰ্ষটোক। ভাৰতীয় ক্ৰিকেট দলৰ বাবে বছৰটো খুব ভাল নগ’ল। বিৰাট কোহলীৰ (Virat Kohli) নেতৃত্বত ভাৰতীয় ক্ৰিকেট দলে দুটা আইচিচি ট্ৰফীৰ এটাও জিকিব নোৱাৰিলে। টেষ্ট বিশ্ব চেম্পিয়নশ্বীপৰ ফাইনেলত নিউজীলেণ্ডৰ ওচৰত পৰাস্ত হৈছে। তাৰ পিছত টি২০ বিশ্বকাপত ৰাউণ্ড ১২ৰ পৰাই বিদায় লৈছে ভাৰতে। ইয়াৰ ফলত বিৰাট কোহলীৰ পৰা এদিনীয়া ক্ৰিকেটৰ অধিনায়কত্ব কাঢ়ি নিয়া হৈছে। টি২০ৰ অধিনায়কৰ পদ তেওঁ নিজেই এৰিছে। এতিয়া ৰোহিত শৰ্মা (Rohit Sharma) লিমিটেড অভাৰৰ অধিনায়কৰ দায়িত্বত আছে। ২০২১ত ভাৰতীয় ক্ৰিকেট দলৰ তাৰকা ক্ৰিকেটাৰসকলৰ প্ৰদৰ্শন চালে দেখা যায় যে এই বছৰটোত কোহলীৰ এটাও শতৰান নাই। তেওঁৰ হাতত এইটো বছৰত আৰু এটা ইনিংছ হাতত আছে। ভাৰত বনাম দক্ষিণ আফ্ৰিকা (India vs South Africa) ছিৰিজত প্ৰথম টেষ্টৰ দ্বিতীয় ইনিংছৰ সুযোগ আছে কোহলীৰ হাতত। বিৰাট কোহলীয়ে এইটো বছৰত ৰান আৰু টকাৰ হিচাপত প্ৰতিটো ৰান কৰাৰ বাবে ৯৭ হাজাৰ টকা পাইছে।
চেতেশ্বৰ পূজাৰা (Cheteshwar Pujara)ৰ কথা ক’বলৈ গ’লে তেওঁ টেষ্ট ক্ৰিকেটত খেলে। এই বছৰত তেওঁ সৰ্বাধিক ১৪খন টেষ্ট খেলিছে। তেওঁ ইয়াৰ বাবে মেচ ফী পাইছে ২ কোটি ১০ লাখ টকা। তেওঁ ব’ৰ্ডৰ চুক্তিত গ্ৰেড–এত আছে। সেয়ে তেওঁ ৫ কোটি টকা পাইছে। এইদৰে তেওঁ মুঠ ৭ কোটি ১০ লাখ টকা পাইছে। তেওঁ ৬টা অৰ্ধশতৰানৰ সহায়ত সমগ্ৰ বছৰটোত ৬৮৬ ৰান কৰিছে। অৰ্থাৎ তেওঁৰ প্ৰতিটো ৰানৰ হিচাপত ১ লাখ ৩ হাজাৰ টকা হয়।
কে এল ৰাহুলে (KL Rahul) দক্ষিণ আফ্ৰিকা ভ্ৰমণত ভাল আৰম্ভণি কৰিছিল। তেওঁ ভাৰত বনাম দক্ষিণ আফ্ৰিকাৰ প্ৰথম টেষ্টত ১২২ ৰান কৰিছিল। তেওঁ এই বছৰত ৫খন টেষ্ট, তিনিখন এদিনীয়া আৰু ১১খন টি২০ খেলিছে। তেওঁর মেচ ফী ১ কোটি ২৬ লাখ টকা। কেএল ৰাহুলো গ্ৰেড এৰ ক্ৰিকেটাৰ হোৱা বাবে ব’ৰ্ডৰ পৰা ৫ কোটি টকা লাভ কৰিছে। মুঠ ৬ কোটি ২৬ লাখ টকা পাইছে কে এল ৰাহুলে। এতিয়ালৈ ৩টা শতৰান, ৬টা অৰ্ধশতৰানৰ সহায়ত ৯০৩ ৰান কৰিছে। এই হিচাপত তেওঁৰ এটা ৰানৰ দাম ৬৯,৩২৪টকা।
উইকেটকীপাৰ ক্ৰিকেটাৰ ঋষভ পন্তো (Rishabh Pant) গ্ৰেড এ ক্ৰিকেটাৰ। অৰ্থাৎ তেওঁ ৫ কোটি টকা পায়। ইয়াৰ উপৰি ২০২১ত তেওঁ ১২খন টেষ্ট, দুখন এদিনীয়া, ১৩খন টি২০ খেলিছে। তেওঁ মেচ ফী হিচাপে ২ কোটি ৩১ লাখ টকা পাইছে। এটা শতৰান আৰু ৭টা অৰ্ধশতৰানৰ সহায়ত ১০৭৪ ৰান কৰিছে এই বছৰটোত। তেওঁৰ প্ৰতিটো ৰানৰ দাম ৬৮,০৬৩ টকা।