দক্ষিণ আফ্ৰিকাৰ ক্ৰিকেটাৰ এবি ডিভিলিয়াৰ্ছে (AB de Villiers) নৱেম্বৰত ক্ৰিকেটাৰৰ পৰা সন্যাস ঘোষণা কৰে। বিস্ফোৰক বেটিঙেৰে অনুৰাগীৰ হৃদয় জয় কৰা মিষ্টাৰ ৩৬০ ডিগ্ৰী অৰ্থাৎ এবি ডিভিলিয়াৰ্ছে ২০০৪ চনত আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটত পদাৰ্পণ কৰাৰ পিছত ১১৪খন টেষ্ট, ২২৮খন এদিনীয়া আৰু ৭৮খন টি২০ আন্তঃৰাষ্ট্ৰীয় মেচত দক্ষিণ আফ্ৰিকাক প্ৰতিনিধিত্ব কৰে। ইণ্টাৰনেচনেল ক্ৰিকেটত তেওঁৰ বেটৰ পৰা ৪৭টা শতক নিগৰিছে। ডিভিলিয়াৰ্ছ এদিনীয়া ক্ৰিকেটত আটাইতকৈ দ্ৰুত ৫০, ১০০ আৰু ১৫০ ৰান কৰা খেলুৱৈ। (ফটো : AFP)
টি২০ বিশ্বকাপত ৱেষ্ট ইণ্ডিজৰ পৰাজয়ৰ পিছত দলৰ অলৰাউণ্ডাৰ ডৱেন ব্ৰাভোৱে (Dwayne Bravo) আন্তৰ্জাতিক ক্ৰিকেটৰ পৰা বিদায় লোৱাৰ কথা ঘোষণা কৰিছিল। এতিয়ালৈ ৭খন টি–২০ খেলা ব্ৰাভোৱে ২০১২ আৰু ২০১৬ চনত নিজৰ দলক চেম্পিয়ন বনাইছিল। ব্ৰাভোৱে ২০০৪ চনত ডেব্যু কৰিছিল। ই?াৰ পিছত তেওঁ ধাৰাবাহিকভাৱে দলৰ হৈ খেলি আহিছে। আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটত তেওঁৰ নামত ৬ হাজাৰৰো অধিক ৰান আছে। লগতে তেওঁ এদিনীয়াত ১৯৯ আৰু টেষ্টত ৮৬ উইকেট লয়। টি২০ত তেওঁ মুঠ ৭৮টা উইকেট দখল কৰে। (AP)
শ্ৰীলংকাৰ জনপ্ৰিয় বেটছমেন উপুল থৰংগাই ২৩ ফেব্ৰুৱাৰীত আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটৰ পৰা সন্যাস লৈছিল। নিজৰ ১৫ বছৰীয়া কেৰিয়াৰত তেওঁ কিছুদিনৰ বাবে শ্ৰীলংকা দলৰ দায়িত্বও লৈছিল। ৩৬ বছৰীয়া উপুল থৰংগাই ২০১৭ চনত জুলাইর পৰা নৱেম্বৰলৈ অধিনায়ক আছিল। তেওঁ শ্ৰীলংকাৰ বাবে শেষবাৰ ২০১৯ চনত দক্ষিণ আফ্ৰিকা ভ্ৰমণত খেলিছিল। বাওঁহতীয়া বেটছমনে থৰংগাই এদিনীয়া ক্ৰিকেটত অধিক সফল আছিল, য’ত তেওঁ ২৩৫খন মেচত ৩৩.৭৪ৰ গড়ত ৬৯৫১ ৰান সংগ্ৰহ কৰিছিল। ইয়াৰ ভিতৰত ১৫টা শতক আৰু ৩৭টা অৰ্ধশতক আছিল। তেওঁ ২৬খন টি২০ত ৪০৭ ৰান সংগ্ৰহ কৰিছিল। থৰংগাই শ্ৰীলংকাৰ বাবে ৩১খন টেষ্ট খেলি ২১.৮৯ৰ গড়ত ১৭৫৪ ৰান সংগ্ৰহ কৰে য’ত তিনিটা শতক আৰু ৮টা অৰ্ধশতক আছিল। (Upul Tharanga/Instagram)