বিচিচিআই, বিশ্বৰ আটাইতকৈ ধনী ক্ৰীড়া নিয়ামক সংস্থা, এইবাৰ গঢ়িলে বিশ্ব ৰেকৰ্ড। সেয়াও আইপিএল ২০২২ৰ ফাইনেলৰ মঞ্চত। বিচিচিআইৰ অধ্যক্ষ সৌৰভ গাংগুলী, ব’ৰ্ড সচিব জয় শ্বাহ আৰু আইপিএলৰ অধ্যক্ষ ব্ৰিজেশ পেটেলৰ হাতত বিশ্ব অভিলেখৰ প্ৰমাণপত্ৰ তুলি দিলে গীণিজ ৱৰ্ল্ড ৰেকৰ্ডছৰ কৰ্তৃপক্ষই। বিশ্বৰ আটাইতকৈ ডাঙৰ ক্ৰিকেট ষ্টেডিয়ামত আটাইতকৈ ডাঙৰ জাৰ্ছী উন্মোচন কৰিলে বিচিচিআয়ে। আইপিএলৰ ১৫ বৰ্ষপূৰ্তিত এই জাৰ্ছী উন্মোচন কৰা হয়। আহমেদাবাদৰ নৰেন্দ্ৰ মোদী ষ্টেডিয়ামত ৬৬x৪২ মিটাৰৰ বগা জাৰ্ঝী উন্মোচন কৰে বিচিচিআয়ে। বৃহৎ আকাৰৰ এই জাৰ্ছী দেখি অবাক হয় দৰ্শকসকলো। গীণিজ বুক অব ৱৰ্ল্ড ৰেকৰ্ডছ কৰ্তৃপক্ষই বিচিচিআইৰ এই জাৰ্ছীটোক বিশ্ব ৰেকৰ্ডৰ স্বীকৃতি দিছে।