ইংলেণ্ডৰ বিৰুদ্ধে টেষ্ট মেচৰ বাবে প্ৰস্তুতি আৰম্ভ কৰিছে টীম ইণ্ডিয়াই। কিন্তু ইয়াৰ মাজতে বিৰাট কোহলী কোৰোণা পজিটিভ। ফলত প্ৰস্তুতি বাধাগ্ৰস্ত হৈছে। বিৰাট কোহলী আৰু অনুষ্কা শৰ্মাৰ সম্পৰ্কৰ কথা সকলোৰে জনাজাত। দুয়ো প্ৰায়ে মুকলিকৈ নিজৰ প্ৰেম প্ৰকাশ কৰে। এইক্ষেত্ৰত তেওঁলোকে কোনো লুকঢাক নকৰে। বিৰাট কোহলীয়ে শেহতীয়াকৈ এখন ফটো শ্বেয়াৰ কৰিছে। প্ৰেকটিচৰ ফটো। আৰু সেই ফটোত কোহলীক কিউটি বুলি কমেণ্ট কৰিলে অনুষ্কাই। তাকে লৈ ছচিয়েল মিডিয়াত চৰ্চা। ২ বছৰৰ বেছি হ’ল, বিৰাটৰ বেটৰ পৰা চেঞ্চুৰী অহা নাই। ২০১৯ চনৰ নৱেম্বৰত কোহলীয়ে বাংলাদেশৰ বিৰুদ্ধে শেষবাৰ চেঞ্চুৰী কৰিছিল। ফিটনেছক লৈ কোহলী সদাই সচেতন। ফিটনেছৰ ক্ষেত্ৰত বিশ্ব ক্ৰিকেটৰ অন্যতম শ্ৰেষ্ঠ তেওঁ।