দেওবাৰে সমগ্ৰ দেশবাসীৰ মন জয় কৰিলে বিৰাট কোহলীয়ে। পাকিস্তানৰ বিৰুদ্ধে খেলত ভাৰতক দিলে জয়ৰ সোৱাদ। টি–২০ বিশ্বকাপত পাকিস্তানৰ বিৰুদ্ধে ৫৩ বলত ৮২ ৰানৰ ইনিংছ খেলিলে কোহলীয়ে। মেলবৰ্ণত দেওবাৰে আছিল প্ৰায় ১ লাখ দৰ্শক। কোহলীয়ে যেতিয়া পুৰস্কাৰ ল’বলৈ মঞ্চলৈ গৈছিল, তেতিয়া তেওঁ একো শুনিবলৈ পোৱা নাছিল। সমগ্ৰ ষ্টেডিয়াম উঠিছিল ‘কোহলী কোহলী’ ধ্বনি। কোহলীয়ে খেলপথাৰত উপস্থিত দৰ্শকসকলক কয়, ‘ধন্যবাদ আপোনালোকক। মোৰ বেয়া সময়ত আপোনালোকেই কাষত আছিল। আপোনালোকৰ কথা নাপাহৰো।’ কোহলীয়ে ক’লে, টি–২০ ক্ৰিকেটত দেওবাৰে পাকিস্তানৰ বিৰুদ্ধে খেলা ইনিংছটো তেওঁৰ আটাইতকৈ শ্ৰেষ্ঠ ইনিংছ। কোহলীৰ এই দুৰ্দান্ত ইনিংছ দেখাৰ পিছত প্ৰাক্তন ক্ৰিকেটাৰসকলেও তেওঁক অন্যতম শ্ৰেষ্ঠ হিচাপে লিখি টুইট কৰিছে।