চেন্নাই চুপাৰ কিংছে এইবাৰ উন্নত প্ৰদৰ্শন কৰিব পৰা নাই। ডেভিদ মিলনেৰ ঠাইত চেন্নাই দলত ১৯ বছৰীয়া মালিঙ্গা আহিছে। কিৱি পেচাৰ মিলনেৰ ঠাইত চেন্নাইয়ে যুৱ বিশ্বকাপ জয় কৰা মথিচা পাথিৰানাৰ স্থান লৈছে। শ্ৰীলংকাৰ ক্ৰিকেটাৰজনৰ বলিং একচন ঠিক লাচিথ মালিঙ্গাৰ দৰে। ১৪ কোটি দীপক চাহাৰ আঘাতৰ বাবে আই পি এলৰ পৰা বাহিৰ হৈছে। অৱশ্যে, চি.এছ.কে.-য়ে এতিয়ালৈকে তেওঁৰ ঠাইত কাকো বাছনি কৰা নাই। পাথিৰানা মিলনেৰ পৰিৱৰ্তে দললৈ আহিছে। আই পি এলৰ নিলামত চেন্নাইয়ে মিলনেক ১.৯ কোটি টকাত তুলি লৈছিল। অৱশ্যে, তেওঁ কেকেআৰৰ বিৰুদ্ধে প্ৰথম খন খেলত আঘাতপ্ৰাপ্ত হৈছিল।। চিএচকেই শ্ৰীলংকাৰ পেচাৰজনক মাত্ৰ ২০ লাখ টকাত বাছনি কৰিছিল। অৱশ্যে বহুতে আচৰিত হৈছে।