১৯ বছৰ অনূৰ্ধ্ব ভাৰতীয় দলে তেওঁৰ নেতৃত্বত বিশ্বকাপ জিকিছিল। সেই উন্মুক্ত চান্দ এইবাৰ বিবাহপাশত আবদ্ধ হ’ল। কইনা ছিমৰন খোচলা ফিটনেছ আৰু স্প’ৰ্টছ নিউট্ৰিচন কোচ। চলিত বছৰতে হঠাৎ আন্তৰ্জাতিক ক্ৰিকেটৰ পৰা অৱসৰ ঘোষণা কৰিছিল উন্মুক্ত চান্দে। তাৰ পিছত তেওঁ ফ্ৰেঞ্চাইজি লীগ খেলিবলৈ আমেৰিকালৈ যায়। ইয়াৰ পিছত অষ্ট্ৰেলিয়াৰ মেলবৰ্ণ ৰেনেগেডছ দলত যোগদান কৰে। ভাৰতীয় ক্ৰিকেটত উন্মুক্ত চান্দৰ উত্থান ৰকেটৰ দৰেই আছিল। কিন্তু তেওঁৰ কেৰিয়াৰৰ গ্ৰাফ ঠিক একে গতিতে নিম্নগামী হয়। ছিনিয়ৰ ভাৰতীয় দলত তেওঁ স্থান নাপালে। সেই আক্ষেপ আৰু অভিমানতে অৱসৰ লয় তেওঁ। সেয়াও ইমান কম বয়সতে। আমেৰিকাৰ মাইনৰ লীগত দুৰ্দান্ত প্ৰদৰ্শন কৰিছিল উন্মুক্ত চান্দে। এইবাৰ অষ্ট্ৰেলিয়াৰ মেলবৰ্ণ ৰেনেগেডছৰ হৈ খেলাৰ বাবে অপেক্ষা কৰিছে তেওঁ। মেলবৰ্ণ ৰেনেগেডছ দলৰ অধিনায়ক এৰন ফিঞ্চ। ভাৰতৰ ঘৰুৱা ক্ৰিকেটত দিনৰ পিছত দিন ধৰি সুন্দৰ প্ৰদৰ্শন কৰাৰ পিছতো জাতীয় দলত স্থান নাপালে উন্মুক্তে। তাৰ পিছতে তেওঁ আমেৰিকালৈ যোৱাৰ সিদ্ধান্ত লয়। ২০১২ চনত ভাৰতীয় দলে উন্মুক্ত চান্দৰ নেতৃত্বত অনুৰ্ধ্ব–১৯ বিশ্বকাপ জিকিছিল। সেই সময়ত তেওঁক পৰৱৰ্তী বিৰাট কোহলী আখ্যা দিয়া হৈছিল। আইপিএলত দিল্লী, মুম্বাই আৰু ৰাজস্থান ফ্ৰেঞ্চাইজীৰ হৈ খেলিছে উন্মুক্তে। কিন্তু তেওঁৰ প্ৰদৰ্শন আশাপ্ৰদ নাছিল।